বাক্সা, 24 মাৰ্চ:ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ তিনিটা দিন বাকী ৷ ইতিমধ্যেই পূৰ্ণোদ্যমে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে আটাই সমূহ ৰাজনৈতিক দল-সংগঠন ৷ ইয়াৰ মাজতে সাধাৰণ ৰাইজকো ভোট প্ৰদান প্ৰক্ৰিয়া সন্দৰ্ভত সজাগ কৰি তোলাৰ উদ্দেশ্যে কেইবা ঠাইটো অনুষ্ঠিত কৰা হৈছে সজাগতা সভা ৷
বাক্সাত নিৰ্বাচন আয়োগৰ দ্বাৰা ভোট প্ৰদানৰ সজাগতা অনুষ্ঠান
মঙলবাৰে বাক্সা জিলাতো নিৰ্বাচন আয়োগৰ দ্বাৰা অনুষ্ঠিত কৰা হয় ভোট প্ৰদানৰ সজাগতা সভা ৷ জিলাখনৰ বিভিন্ন স্থানত বাটৰ নাট প্ৰদৰ্শন কৰি ভোটাৰ ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে ৷
বাক্সাত নিৰ্বাচন আয়োগৰ দ্বাৰা ভোট প্ৰদানৰ সজাগতা অনুষ্ঠান
মঙলবাৰে বাক্সা জিলাতো নিৰ্বাচন আয়োগৰ দ্বাৰা অনুষ্ঠিত কৰা হয় ভোট প্ৰদানৰ সজাগতা সভা ৷ জিলাখনৰ বিভিন্ন স্থানত বাটৰ নাট প্ৰদৰ্শন কৰি ভোটাৰ ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে ৷ ইয়াৰ উপৰিও বিশেষভাৱে সক্ষম লোকসকলেও ঘৰতে থাকি ভোট দান কৰিব পৰা ক্ষমতা সন্দৰ্ভটো ৰাইজক এই নাটসমূহৰ দ্বাৰা বিষদভাৱে বৰ্ণনা কৰা হয় ৷
লগতে পঢ়ক-দেশজুৰি ঘোষণা কৰা লকডাউনৰ এটা বছৰ