অসম

assam

ETV Bharat / state

বাক্সা জিলাৰ বানক্ৰান্তৰ কাষত ৰাজ্যপাল জগদীশ মুখী

বাক্সা জিলাৰ বেঁকী নদীৰ বান আৰু গৰাখহনীয়াৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী ৷ ৰাজ্যপালগৰাকীয়ে অঞ্চলবাসীয়ে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে বাক্সা জিলা প্ৰশাসনক ৷

By

Published : Jul 30, 2020, 10:23 PM IST

baksa_flood area_visit_jagdish mukhi
বাক্সা জিলাৰ বানক্ৰান্তৰ কাষত ৰাজ্যপাল জগদীশ মুখী

বাক্সা, 30 জুলাই : কৰ'ণা মহামাৰীৰ মাজতে ৰাজ্যত সন্ত্ৰাস সৃষ্টি কৰিছে বানে ৷ বানৰ বাবে সমগ্ৰ অসমতে সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ ৷ বৃহস্পতিবাৰে বাক্সা জিলাৰ বেঁকী নদীৰ বান আৰু গৰাখহনীয়াৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী । ৰাজ্যপাল গৰাকীয়ে বিটিচিৰ দায়িত্ব লাভ কৰাৰ পিছত দ্বিতীয় বাৰৰ বাবে পৰিভ্ৰমণ কৰে বাক্সা জিলা । জিলাখনৰ বান আৰু খহনীয়াই কাল ৰূপ ধাৰণ কৰা বিছপানী আৰু চোনবাৰী অঞ্চল পৰ্যবেক্ষণ কৰে । ৰাজ্যপাল গৰাকীয়ে বান আৰু খহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ সময়ছোৱাত সংগ দিয়ে বিটিচি প্ৰশাসন,জিলা উপায়ুক্ত,জিলা আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন দল-সংগঠনৰ লোকে ।

বাক্সা জিলাৰ বানক্ৰান্তৰ কাষত ৰাজ্যপাল জগদীশ মুখী
বাক্সা জিলাৰ বানক্ৰান্তৰ কাষত ৰাজ্যপাল জগদীশ মুখী

অন্য এক খবৰৰ বাবে:সংকটত ৰাজ্যৰ বয়ন শিল্পঃ সমস্যাত শিপিনী

ক্ষতিগ্ৰস্ত ৰাইজৰ অভাৱ অভিযোগৰ প্ৰতি চোকা দৃষ্টি ৰাখি ক্ষীপ্ৰতাৰে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্যপালগৰাকীয়ে বিটিচি প্ৰশাসন আৰু জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে ৷ শিবিৰসমূহত যাতে বন্যাৰ্তই কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় সেই ক্ষেত্ৰত জিলা প্ৰশাসনে সবল স্থিতি ল’বলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে খাদ্য,ঔষধ আদিৰ উপলব্ধতাৰ ওপৰতো চকু ৰাখি কেঁচুৱা,শিশু আৰু গৰ্ভৱতী মহিলাক বিশেষ সুবিধা আৰু সহযোগিতা প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশনা প্ৰদান কৰে ৷

বাক্সা জিলাৰ বানক্ৰান্তৰ কাষত ৰাজ্যপাল জগদীশ মুখী

ABOUT THE AUTHOR

...view details