বাক্সা, ৫ ডিচেম্বৰ: বাক্সা জিলাত অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব বিটিচিৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । বিভিন্ন ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰ তীব্রতৰ কৰি তুলিছে । বাক্সাৰ বড়ো বজাৰত শুক্ৰবাৰে ইউপিপিএলৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় । সভাত অংশগ্রহণ কৰি ইউপিপিএলৰ সভাপতি তথা ককলাবাৰী পৰিষদীয় সমষ্টিৰ দলৰ প্ৰাৰ্থী প্ৰমোদ বড়োই সাংবাদিকৰ আগত কয় যে, 'ইউপিপিএল দলে সমগ্র বিটিআৰত ৩০ খনতকৈও অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব । সকলো জাতি-জনগোষ্ঠীক ঐক্যবদ্ধ কৰি লৈ সকলোৰে নিৰাপত্তা সুনিশ্চিত কৰি শান্তি-সম্প্ৰীতিৰে এখন সুস্থ চৰকাৰ গঠন কৰিব ।'
বাক্সাৰ বড়ো বজাৰত ইউপিপিএলৰ বিশাল নিৰ্বাচনী গণ সমাৱেশ - বিটিচি নিৰ্বাচনৰ
বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ শেষ সময় সমাগত । অহা ৭ ডিচেম্বৰত বাক্সাত অনুষ্ঠিত হ'বলগীয়া বিটিচিৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে দুগুণ উৎসাহেৰে নিৰ্বাচনী প্ৰচাৰ চলালে ইউপিপিএল দলে । মঞ্চত নিৰ্বাচনী গীতৰ তালে তালে নৃত্য কৰিলে প্ৰমোদ বড়োৱে ।
ইউপিপিএল দলক সকলোৱে আঁকোৱালি লৈছে আৰু ৰাইজে বিপিএফৰ চৰকাৰ এইবাৰ বিচৰা নাই বুলি মন্তব্য কৰে । আনহাতে, প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই ইউপিপিএল দলৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ ইস্তাহাৰখন উন্মোচন কৰি ইউপিপিএল দলৰ উত্থানৰ বিষয়ে বক্তব্য আগবঢ়ায় । জনগোষ্ঠীয় গীত, বাগৰুম্বা নৃত্যৰে মুখৰিত হৈ পৰে সভাথলী । মঞ্চত নিৰ্বাচনী গীতৰ তালে তালে নৃত্য কৰি ৰাইজক সহযোগ কৰে দলৰ সভাপতি প্ৰমোদ বড়োই । এই সভাত কেইবাগৰাকীও দলীয় নেতাই অংশগ্রহণ কৰে ।
লগতে পঢ়ক:কলগাছিয়াত প্ৰৱেশ নকৰে এম্বুলেন্স !