বাক্সা,3 এপ্ৰিলঃৰাজ্যত কৰ'ণা সংক্ৰমণৰ ভয়াৱহ তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ইয়াৰ মোকাবিলা কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে । বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ তামুলপুৰ ছোৱালী হাইস্কুলখনক সন্দেহজনক কৰ'ণা ৰোগী ৰখাৰ বাবে আছুতীয়া গৃহ হিচাপে সাজু কৰাৰ কাম আৰম্ভ হৈছে। তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অপৰ্ণা শৰ্মা আৰু সংলগ্ন চক্ৰ বিষয়া তন্ময় বৰাৰ তত্বাৱধানত তামুলপুৰ গড়কাপ্তানী বিভাগ, তামুলপুৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ সহযোগত তামুলপুৰ ছোৱালী হাইস্কুলখন আছুতীয়া কক্ষ হিচাপে সজাই থকা হৈছে আৰু শনিবাৰে ৰাতিপুৱালৈ ৰোগী ৰাখিব পৰাকৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিব এই আছুতীয়া কক্ষটো । এই আছুতীয়া কক্ষত চল্লিশ গৰাকী সন্দেহজনক কৰ'ণা ৰোগীক ৰখাৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰিছে তামুলপুৰ ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া তন্ময় বৰাই।
বাক্সাৰ তামুলপুৰ ছোৱালী হাইস্কুলক আছুতীয়া চিকিৎসালয়লৈ ৰূপান্তৰ - ৰাজ্যত কৰ'ণা সংক্ৰমণৰ ভয়াৱহতা
বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ তামুলপুৰ ছোৱালী হাইস্কুলখন সন্দেহজনক কৰ'ণা ৰোগী ৰখাৰ বাবে আছুতীয়া গৃহ হিচাপে সাজু কৰাৰ কাম আৰম্ভ হৈছে । শনিবাৰে ৰাতিপুৱালৈ ৰোগী ৰাখিব পৰাকৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিব এই আছুতীয়া কক্ষটো ।

বাক্সাৰ তামুলপুৰ ছোৱালী হাইস্কুলক আছুতীয়া চিকিৎসালয়লৈ ৰূপান্তৰ
বাক্সাৰ তামুলপুৰ ছোৱালী হাইস্কুলক আছুতীয়া চিকিৎসালয়লৈ ৰূপান্তৰ
লগতে পঢ়কঃগছত নহয় এইবাৰ নাৱত কোৱাৰেণ্টাইন !