অসম

assam

ETV Bharat / state

বিলুপ্তপ্ৰায় পক্ষীৰ বিচৰণ বাক্সাত - বিলুপ্তপ্ৰায় পক্ষীৰ বিচৰণ বাক্সাত

বিবিধ প্ৰজাতিৰ চৰাইৰ মাতেৰে মুখৰিত হৈ পৰিছে বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ মটঙাচক ৷ বিভিন্ন প্ৰজাতিৰ পক্ষী বিলুপ্ত হোৱাৰ সময়তে অঞ্চলটোৰ বাসিন্দা ৰহিনী ব্ৰহ্ম নামৰ লোকজনৰ বাঁহ গছত আশ্ৰয় লৈছে বিভিন্ন প্ৰজাতি বগলী আৰু পানী কাউৰী চৰায়ে ৷

Egret Bird Special
বিলুপ্তপ্ৰায় পক্ষীৰ বিচৰণ বাক্সাত

By

Published : Aug 8, 2020, 1:50 PM IST

বাক্সা,8 আগষ্ট:ৰাজ্যত বিভিন্ন প্ৰজাতিৰ পক্ষী বিলুপ্ত হোৱাৰ সময়তে বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ মটঙাচকত দেখিবলৈ পোৱা গৈছে এক নান্দনিক ছবি৷ অঞ্চলটোৰ বাসিন্দা ৰহিনী ব্ৰহ্ম নামৰ লোকজনৰ বাঁহ গছত আশ্ৰয় লৈছে বিভিন্ন প্ৰজাতি বগলী আৰু পানী কাউৰী চৰায়ে৷ শাৰী-শাৰীকৈ আশ্ৰয় লোৱা এই চৰাইবোৰৰ মাতে এতিয়া সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছে ৷

বিলুপ্তপ্ৰায় পক্ষীৰ বিচৰণ বাক্সাত

অন্য এক খবৰৰ বাবে:কামপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন,আহত দুজন

ইতিমধ্যে এই বগলী আৰু পানী কাউৰী চৰাইসমূহ সংৰক্ষণৰ বাবে বিভিন্ন দল সংগঠনে আহ্বান জনাইছে । সময়ে-সময়ে বিভিন্ন প্ৰান্তৰ পৰা অহা কণ কণ শিশুবোৰে এইসমূহ বগলী আৰু পানী কাউৰী চৰাইক নিধন কৰে বুলিও জানিবলৈ দিয়ে তামুলপুৰ আঞ্চলিক এবছুৰ এগৰাকী সদস্যই। বহু সময়ত ৰহিনী ব্ৰহ্মৰ পৰিয়ালটিৱে আৰু তামুলপুৰ এবছুৰ লোক সকলে বাঁহ জোপাত দৃষ্টি দি আহিছে যদিও দুষ্ট প্ৰকৃতিৰ লোকে পক্ষীসমূহ নিধন কৰি আহিছে ৷ যাৰ বাবে

স্থানীয় বিভিন্ন দল সংগঠনে তামুলপুৰ বন বিভাগক এই ৰহিনী ব্ৰহ্মৰ এই বাহ জোপাত কিছু বছৰৰ পৰা জিৰণি লৈ থকা বগলী আৰু পানী কাউৰী বোৰক চোৱা চিতা কৰাৰ বাবে আহ্বান জনাইছে ৷

ABOUT THE AUTHOR

...view details