বাক্সাত উদ্ধাৰ এটা মৃতদেহ - ভৱেন জৰ্জী
বাক্সাৰ মুছলপুৰত ৰাস্তাৰ কাষত থকা এটা খালত উদ্ধাৰ এটা মৃতদেহ ৷ উদ্ধাৰ মৃতদেহটো ৰাস্তাৰ ভৱেন জৰ্জীৰ বুলি চিনাক্ত কৰা হৈছে ৷
![বাক্সাত উদ্ধাৰ এটা মৃতদেহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4376840-thumbnail-3x2-baksa.jpg)
বাক্সা, 8 ছেপ্তেম্বৰ : বাক্সাৰ মুছলপুৰত উদ্ধাৰ এটা মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো বাক্সা জিলাৰ নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত ভৱেন জৰ্জীৰ ৷ তথ্যমতে, শণিবাৰে সন্ধিয়া চাইকেলেৰে ঘৰলৈ আহি থকা সময়ত বিপৰীত দিশৰ পৰা অহা বাহনৰ পোহৰত গতি পথ ধৰিব নোৱাৰি চাইকেলেৰে সৈতে ৰাস্তাৰ কাষতে থকা এটা দ খালত পৰে ব্যক্তিজন ৷ যাৰ ফলত পানীৰ পৰা উঠিব নোৱাৰি মৃত্যুক সাবতি লব লগা হয় ভৱেন দৰ্জী নামৰ ব্যক্তিজনে ৷ দেওবাৰে পুৱা কেইজনমান পথচাৰীয়ে মৃতদেহ এটা পানীত ওপঙি থকা প্ৰত্যেক্ষ কৰি আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলী উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৃতদেহটো ভবেন দৰ্জীৰ বুলি চিনাক্ত কৰি মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য নিশাৰ যান বাহন আইন নমনা বাহনৰ কাৰনে এই দুৰ্ঘটনা সংঘটিত হৈ ব্যক্তিজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷