অসম

assam

By

Published : Jan 31, 2021, 9:16 PM IST

ETV Bharat / state

কুমাৰীকাটাত আদিবাসী চেংগেল অভিযানৰ ধৰ্ণা কাৰ্যসূচী

জনজাতিকৰণ আৰু চাৰ্না ধৰ্ম কোডj দাবীত বাক্সা জিলা আদিবাসী চেংগেল অভিযানৰ প্ৰতিবাদ ৷ তামুলপুৰ মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ ৷

baksa-protest
কুমাৰীকাটাত আদিবাসী চেংগেল অভিযানৰ ধৰ্ণা কাৰ্যসূচী

বাক্সা, ৩১ জানুৱাৰী : অল ইণ্ডিয়া আদিবাসী চেংগেল অভিযানৰ আহ্বানত বাক্সা জিলা আদিবাসী চেংগেল অভিযানে দেওবাৰে তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । অল ইণ্ডিয়া আদিবাসী চেংগেল অভিযানে দেশজুৰি ৰেলপথ, ঘাইপথ অবৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছিল ৷

কুমাৰীকাটাত আদিবাসী চেংগেল অভিযানৰ ধৰ্ণা কাৰ্যসূচী

দেওবাৰে কুমাৰীকাটাত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদীকাৰী সকলে জনজাতিকৰণ আৰু চাৰ্না ধৰ্ম কোডৰ দাবীত বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ধৰ্ণা কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে তামুলপুৰ মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক: বিমানকোঠ নিৰ্মাণৰ নামত ভয়ংকৰ কেলেংকাৰী, প্ৰতাৰনাৰ বলি চাকমা শৰনাৰ্থী

ABOUT THE AUTHOR

...view details