বাক্সা,১১ ফেব্ৰুৱাৰী:অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজিৰেপৰা তিনিদিনীয়া অসহযোগ কাৰ্য্যসূচী গ্ৰহণ কৰিছে ৷ যাৰ ফলত বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব প্ৰাথমিক বিদ্যালয়সমূহ ৷ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বান মৰ্মে বাক্সাতো ৰূপায়ণ কৰা হৈছে অসহযোগ কাৰ্য্যসূচী ৷ জানিব পৰা মতে, প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক সকলক বৰ্তমানো চৰকাৰী ভাবে প্ৰধান শিক্ষকৰ স্বীকৃতি দিয়া হোৱা নাই ৷
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তিনিদিনীয়া অসহযোগ কাৰ্য্যসূচী - অসহযোগ কাৰ্য্যসূচী
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজিৰেপৰা তিনিদিনীয়া অসহযোগ কাৰ্য্যসূচী গ্ৰহণ কৰিছে ৷ যাৰ ফলত বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব প্ৰাথমিক বিদ্যালয়সমূহ ৷
![অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তিনিদিনীয়া অসহযোগ কাৰ্য্যসূচী BAKSA PRIMARY TEACHER](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10590090-1097-10590090-1613062586952.jpg)
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তিনিদিনীয়া অসহযোগ কাৰ্য্যসূচী
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তিনিদিনীয়া অসহযোগ কাৰ্য্যসূচী
যিহেতু চৰকাৰে প্ৰধান শিক্ষকৰ ওপৰতে স্কুলৰ দায়িত্বভাৰ অৰ্পণ কৰে,সেয়েহে চৰকাৰক শীঘ্ৰে প্ৰধান শিক্ষকৰ পদ প্ৰশস্ত কৰিবলৈ দাবী জনোৱাৰ লগতে প্ৰাথমিক শিক্ষক সকলৰ গ্ৰেজুৱেটৰ গ্ৰেড পে বাহাল ৰখাৰ বাবেও দাবী জনায় শিক্ষক সমাজে ৷ আনহাতে, চৰকাৰে এইক্ষেত্ৰত আগন্তুক সময়ত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব ৷
লগেত পঢ়কঃনগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ