অসম

assam

ETV Bharat / state

নতুন জীৱনৰ পাতনি মেলিব খোজোতেই হিমাশ্ৰীৰ জীৱনলৈ নামিল অমানিশা - প্ৰচণ্ড ধুমুহা

বাক্সা জিলাৰ বাঘমাৰা ভূতেপোৱাবড়ীৰ এগৰাকী যুৱতীৰ কৰুন কাহিনী ৷ নিমিষতে থান বান হ'ল এটা দুখীয়া পৰিয়ালৰ সপোন। তাঁত শালত বোৱা কাপোৰ দাঙি ধৰা এক কৰুণ দৃশ্য।২৩ বছৰীয়া যুৱতী গৰাকীক এতিয়া প্ৰয়োজন আপোনাৰ সহায়ৰ। হ’বলগীয়া বিয়াখন যেন এতিয়া হৈ ৰব মাথোঁ সপোন ।

poor girl needs help
poor girl needs help

By

Published : Oct 16, 2020, 4:42 PM IST

বৰমা, ১৬ অক্টোবৰ : দুচকুত অলেখ সপোন লৈ এক নতুন জীৱন আৰম্ভ কৰিবলৈ ওলোৱা এগৰাকী 23 বছৰীয়া যুৱতীৰ কাহিনী ৷ অনেক আশা অনেক সপোন বুকুত বান্ধি তাই তাঁত শালত চানেকি বাচিছিল ৷ অহা ফাগুণত তাইৰ বিয়া হোৱাৰ কথা ৷ কিন্তু দুখীয়া পৰিয়ালটো আৰু ছোৱালীজনীৰ সপোন থানবান কৰি নামি আহিল প্ৰচণ্ড ধুমুহা ।

বাক্সা জিলা বাঘমাৰাৰ ভূতে পোৱা বড়ীৰ এইগৰাকী পিতৃহীনা যুৱতীৰ নাম হিমাশ্ৰী দাস ৷ ফাগুনত ঠিক হোৱা বিয়াৰ বাবে তাঁতশালত সোণালী সপোন ৰচনা কৰি তাই সাজু হৈছিল এটা নতুন জীৱনৰ পাতনি মেলিবলৈ । তাৰ বাবে তাঁতশালত নিজে দুখন কৈ কাপোৰ বৈ এখন বিক্ৰী কৰি আনখন নিজৰ বাবে সাঁচি থৈ বিয়াৰ বাবে যোগাৰ কৰিছিল কেইবাযোৰো কাপোৰ । যোগাৰ কৰিবলৈ লৈছিল বিয়াৰ যাৱতীয় সামগ্ৰী l কিন্তু হঠাৎ যুৱতীগৰাকীয়ে প্ৰচণ্ড পেটৰ বিষৰ সমস্যাত ভোগে ৷ পৰীক্ষা কৰাত পোহৰলৈ আহে যে, যুৱতী গৰাকীৰ দুয়োটা বৃক্ক ৯০ শতাংশই বিকল হৈছে ।

নতুন জীৱনৰ পাতনি মেলিব খোজোতেই হিমাশ্ৰীৰ জীৱনলৈ নামিল অমানিশা

ইঘৰ সিঘৰত কাম বন কৰি অথবা কেতিয়াবা পথাৰত কাম কৰি নিজ পৰিয়ালক পোহপাল দি নিজৰ ছোৱালী জনীক উচ্চ শিক্ষিত কৰি তোলা দুৰ্ভগীয়া মাতৃগৰাকীয়ে এতিয়া এনে কঠিন পৰিস্থিতিত বিচাৰিছে চৰকাৰ অথবা ৰাইজৰ সহায় । স্বাভাৱিকতে এনে কৰুণ খবৰ বিয়পি পৰাত গাঁওবাসীৰ চকুতো এতিয়া চকুপানী । সকলো ওলাই আহিছে অৰ্থ সংগ্ৰহ কৰি ছোৱালীজনীক নতুন জীৱন দিয়াৰ আগ্ৰহেৰে ।

অৱশ্যে যুৱতীগৰাকী যে ইমান গুৰুতৰভাৱে আক্ৰান্ত হৈছে সেই কথা এতিয়ালৈ যুৱতী গৰাকীক জনোৱা হোৱা নাই ৷ এনে ক্ষণত চৰকাৰ, স্বাস্থ্য মন্ত্ৰী তথা ৰাইজে এছ বি আইৰ বেংক একাউন্ট নং- 36843230268 আৰু আই এফ এছ চি নং- SBIN0013448 যোগে যুৱতী গৰাকীক সহায় কৰি এটা নতুন জীৱন দিব পাৰে ।আনহাতে 8486128907, 76378 56600 নম্বৰত যোগাযোগ কৰিও ইচ্ছুক সকলে সহায়ৰ হাত আগবঢ়াবপাৰে ৷

লগতে পঢ়ক :অগ্নিকাণ্ডৰ কৱলত সাংবাদিক মফিদুল ইছলামৰ বাসগৃহ

ABOUT THE AUTHOR

...view details