অসম

assam

By

Published : Nov 15, 2020, 12:25 PM IST

ETV Bharat / state

বি পিএফ দলৰ হৈ বি. চাওৰাইগৌৰাৰ নিৰ্বাচনী প্ৰচাৰ

বিপিএফ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল এন ডি এফ বিৰ নেতা বি. চাওৰাইগৌৰা ৷ বাক্সা জিলাৰ নতুন শ্ৰীপুৰ বালি হাজৰীত ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী অনসুমৈ শুংগুৰ বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷

বি পিএফ দলৰ হৈ বি. চাওৰাইগৌৰাৰ  নিৰ্বাচনী প্ৰচাৰ
বি পিএফ দলৰ হৈ বি. চাওৰাইগৌৰাৰ নিৰ্বাচনী প্ৰচাৰ

বৰমা,14 নৱেম্বৰ :বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা বিটিআৰ কো অৰ্ডিনেচন কমিটিৰ উপ সভাপতি বি. চাওৰাইগৌৰা বিপিএফ দলৰ হৈ প্ৰচাৰ কাৰ্য্যত নামি পৰিছে ৷ আজি বাক্সা জিলাৰ নতুন শ্ৰীপুৰ বালি হাজৰীত ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী অনসুমৈ শুংগুৰ বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ কিয়নো বিপিএফ দল এটা পুৰ্ণাংগ ৰাজনৈতিক দল এই দলত সকলো জাতি ধৰ্মৰ লোক আছে ৷

বি পিএফ দলৰ হৈ বি. চাওৰাইগৌৰাৰ নিৰ্বাচনী প্ৰচাৰ

বিপিএফ দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন ই.এম. অনসুমৈ শুংগুৰ বড়ো এজন সৎ, পৰোপকাৰী লোক ৷ বিগত দিনকেইটাত ৰাইজে যেনেধৰণে সহায় সহযোগ পাইছিল, অনাগত দিনতো একে ধৰণেৰে সহায় সহযোগ পাই থাকিব ৷ তেওঁ ৰাইজৰ এজন ভাল ব্যক্তি ৷ মুছলপুৰ সমষ্টিত অনসুমৈ শুংগুৰ বড়োৱেই জয়ী হব ৷ এনেধৰনৰ মন্তব্য় আগবঢ়াইছে বি. চাওৰাইগৌৰাই ৷
বিটিআৰ চুক্তিত কিছুমান আসোঁৱাহ আছে ৷ ইতিমধ্যে ১২ দফিয়া এখন স্মাৰকপত্ৰ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছো বুলি কয় বি. চাওৰাইগৌৰাই ৷

লগতে পঢ়ক:কৰ্মৰ মাজতেই দিপাৱলী উদযাপন অগ্নিনিৰ্বাপক আৰু আপাতকালীন সেৱাৰ কৰ্মচাৰীৰ

ABOUT THE AUTHOR

...view details