মুছলপুৰ, 18 জানুৱাৰীঃ আজি কেইবাটাও দাবী আগত ৰাখি সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰসন্থাই মুছলপুৰত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিটিএডিৰ চাৰিখন জিলাৰ তিনি শতাধিক নেতা কৰ্মীয়ে মুছলপুৰ দুৰ্গা মন্দিৰ খেল পথাৰত, লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ, জাতি ধ্বংসী অভিহিত নাগৰিকত্ব সংশোধনী আইনৰ বাতিল, বিটিএডি অঞ্চলৰ সৰ্বস্তৰৰ লোকৰ ভূমিৰ অধিকাৰ সুনিশ্চিতকৰণ, অখিল গগৈকে ধৰি CAA বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা লোক সকলক বিনা চৰ্তে মুক্তি দিয়া আদি দাবী আগত ৰাখি সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কাৰ্যকৰী সভাপতি ইব্ৰাহিম আলি, সাধাৰণ সম্পাদক টাইচন হুছেইনকে ধৰি বহু কেইগৰাকী নেতা কৰ্মী উপস্থিত থাকে ৷
কেইবাটাও দাবীৰে বাক্সাৰ মুছলপুৰত এবিএমছুৰ উত্তাল প্ৰতিবাদ - CAA
শনিবাৰে বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থাই মুছলপুৰত কেইবাটাও দাবী আগত ৰাখি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷
এবিএমছুৰ উত্তাল প্ৰতিবাদ
Last Updated : Jan 18, 2020, 5:10 PM IST