বাক্সা, ১৩ জানুৱাৰী : উৰুকাৰ নিশা মাছে-মঙহে এসাজ খাবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ ৰাজ্যৰ প্ৰতিখন বজাৰ ভৰি পৰিছে ভিন্ন মাছেৰে ৷ চিতল,বৰালী,আঁৰি,ভকুৱাই বিশেষ সমাদৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে এইবাৰৰ বিহুৰ বজাৰত ৷
বাক্সাৰ উৰুকাৰ বজাৰত গ্ৰাহকৰ ভিৰ - উৰুকা
বাক্সাৰ মাংসৰ বিপণীত ভিৰ অগণন লোকৰ ৷ প্ৰতি কিলোগ্ৰাম ছাগলীৰ মূল্য ৮০০ টকা পৰ্যন্ত ৷ উৰুকাৰ নিশা এসাজ খাবলৈ সাজু হৈছে বাক্সাবাসী ৷
![বাক্সাৰ উৰুকাৰ বজাৰত গ্ৰাহকৰ ভিৰ baksa_magh_bihu_celebration_](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10224942-thumbnail-3x2-kl.jpg)
বাক্সাৰ বজাৰত গ্ৰাহকৰ ভিৰ
বাক্সাৰ বজাৰত গ্ৰাহকৰ ভিৰ
মাছৰ সমান্তৰালকৈ বজাৰত আছে মাংসৰো চাহিদা ৷ বাক্সাৰ বৰমা বজাৰত উৰুকাৰ দিনা মাংসৰ বিপণীত দেখিবলৈ পোৱা যায় গ্ৰাহকৰ ভিৰ ৷ বজাৰখনত ছাগলীৰ মূল্য প্ৰতি কিলোত ৮০০ টকা, বৰালি মাছৰ প্ৰতি কিলোত ৮০০ টকাৰ পৰা ১২০০ টকা ৷ গাহৰি মাংসৰ দাম প্ৰতি কিলোত ৩০০ টকা, হাঁহ গোট 500-600 টকা ৷
অন্য এক খবৰৰ বাবে: সন্তোষ পাণ্ডেৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড