অসম

assam

ETV Bharat / state

মুছলপুৰত প্ৰাথমিক শিক্ষক সন্মিলনী ঘেৰাও কাৰ্যসূচী ৰূপায়ণ

প্ৰাথমিক শিক্ষকৰ পদ সৃষ্টি, স্নাতক শিক্ষকৰ পৰা ৮৭০০ গ্ৰেড পে ঘূৰাই দিয়াৰ দাবীত মুছলপুৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ ৷

By

Published : Feb 20, 2021, 9:59 PM IST

মুছলপুৰত প্ৰাথমিক শিক্ষক সন্মিলনী ঘেৰাও কাৰ্যসূচী ৰূপায়ণ
মুছলপুৰত প্ৰাথমিক শিক্ষক সন্মিলনী ঘেৰাও কাৰ্যসূচী ৰূপায়ণ

বাক্সা, ২০ ফেব্ৰুৱাৰী:অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আৰু মুছলপুৰ মহকুমা প্ৰথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত শনিবাৰে বাক্সা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হয় । পুৱা ১১ বজাত মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগণত মুছলপুৰ মহকুমাৰ দ্বিশতাধিক প্ৰাথমিক শিক্ষক সমবেত হৈ 'আমাৰ পৰা কাঢ়ি নিয়া ৮,৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়ক', 'নতুন পেঞ্চন নীতি বাতিল কৰক', 'প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰক' আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

ইয়াৰ পিছতে জিলা কেন্দ্ৰত থকা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি বিষয়া গৰাকীৰ জড়িয়তে তেওঁলোকৰ দাবী সমুহ সমাধান কৰাৰ বাবে শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত টিংখাঙত আছাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details