বাক্সা,27 নৱেম্বৰ:বাক্সাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ভাৰত ভূটান সীমান্তৰ বিভিন্ন অঞ্চলত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ জিলাখনৰ তামুলপুৰ মহকুমাৰ কালিপুৰ, কাউলী, নাৰায়ণপুৰ, চন্দ্ৰনগৰ, বিহংগপুৰ, নাগাপুৰ, বগাজুলি, তৰুণ গাওঁ, নাগ্ৰিজুলী, জয়পুৰ, বাল্টিপাৰ, কেম্পানীচক, ,হৰিনচাৰা আদি অঞ্চলত প্ৰতিনিশাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় মানুহৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰি আহিছে ৷ লগতে নষ্ট কৰি আহিছে বিঘাই বিঘাই শালি ধানৰ খেতি , পাচলিৰ খেতি । মঙলবাৰে নিশাও বৃহত্তৰ কাউলী অঞ্চলৰ নবীনগাঁও,নাৰায়ণপুৰ, চন্দন পুৰ, চন্দ্ৰনগৰ, কালাজাৰ, নাগাপুৰ, গাঁৱত প্ৰবেশ কৰি বহু কেইটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে বহু বিঘা ধান খেতি খায় নষ্ট কৰে লগতে বাৰীৰ তামোল নাৰিকল,কলৰ বাগান ভাঙি তহিলং কৰে ৷ যাৰ ফলত অঞ্চলটোৰ কৃষকজীৱি ৰাইজ চিন্তিত হৈ পৰিছে ৷ উল্লেখ্য যে, বিগত এমাহ ধৰি ধাৰাবাহিক ভাৱে অঞ্চলটোত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে বনৰীয়া হাতীৰ বৃহৎ জাক এটাই ৷ বৰ্তমান বন-বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে, বন বিভাগে নিজৰ কাম ভালদৰে কৰা হ'লে হাতীয়ে ইমান উপদ্ৰৱ কৰিব নোৱাৰিলে হয় ৷ মাথো বালি,শিল,কাঠৰ আদি ট্ৰাকসমূহৰ পৰা টকা সংগ্ৰহ কৰাতে ব্যস্ত থাকে বনবিভাগ ৷
বাক্সাৰ কুমাৰীকাটাত বন্যহস্তীৰ তাণ্ডৱ
বাক্সাৰ কুমাৰীকাটাৰ কাউলীত নিশা বিভিন্ন প্ৰান্তত বন্যহস্তীৰ তাণ্ডৱ ৷ মানুহৰ বহু বাসগৃহ ভঙাৰ লগতে নষ্ট কৰে বিঘাই বিঘাই শালি ধান খেতি ৷
বাক্সাৰ কুমাৰীকাটাত বন্য হস্তীৰ তাণ্ডৱ
ইপিনে মঙলবাৰে বিয়লি বগাজুলিৰ ঘন জংঘলৰ পৰা ওলাই অহা এটা জাকে বহু সময় ধৰি ভাৰত-ভূটান আন্তৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে । যাৰ বাবে তীব্ৰ যান-জঁটৰ ও সৃষ্টি হয় পথটোত ।