বাক্সা,28 ডিচেম্বৰ:বাক্সা জিলাৰ কুমাৰীকাটাত চোৰৰ সন্ত্ৰাস ৷ কুমাৰীকাটাৰ ইউ.এন. একাডেমিত দেওবাৰে চোৰে প্ৰৱেশ কৰি লুটি নিয়ে বিদ্যালয়খনৰ কম্পিউটাৰ, বাচন-বৰ্তনকে আদি কৰি বহু সামগ্ৰী ৷ বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি প্ৰায় 50 হাজাৰ টকাৰ সামগ্ৰী লুটি নিয়ে চোৰে ৷
কুমাৰীকাটাৰ ইউ.এন. একাডেমিত চোৰৰ সন্ত্ৰাস - kumarikata theft
দেওবাৰে নিশা বাক্সা জিলাৰ কুমাৰীকাটাৰ ইউ.এন. একাডেমীত চোৰে প্ৰৱেশ কৰি লুটি নিয়ে প্ৰায় 50 হাজাৰ টকাৰ সামগ্ৰী ৷
কুমাৰীকাটাৰ ইউ.এন. একাডেমিত চোৰৰ সন্ত্ৰাস
ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক অবগত কৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷ অতিশীগ্ৰে চোৰকেইজনক কৰায়ত্ব কৰাৰ দাবী বিদ্যালয় কৰ্তৃপক্ষৰ ৷
লগতে পঢ়ক-আজিৰে পৰা শোণিতপুৰত কৰ’ণা প্রতিষেধকৰ সম্পৰীক্ষা আৰম্ভ