বাক্সা,31জুলাই: বাক্সা জিলাৰ পূৱ অঞ্চলীত অঘটন ৷ বৃহস্পতিবাৰে সন্ধিয়া 6বাজি 30মিনিটত মৃতদেহ অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন কৰিবলৈ গৈ কালদিয়া নৈৰ বাঢ়নি পানীত উটি যায় এজন লোক ৷ উটি যোৱা লোক জনৰ নাম কৃপা বড়ো বুলি জানিব পৰা গৈছে ৷ বাক্সা জিলাৰ পূৱ অঞ্চলীৰ নিবাসী কৃপা বড়ো ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লোক আছিল ।
কালদিয়া নৈৰ বাঢ়নি পানীত উটি গ'ল এজন লোক - ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বাহিনী
মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ গৈ বাক্সাৰ কালদিয়া নৈৰ বাঢ়নি পানীত উটি যায় এজন লোক ৷ লোকজনক বৰ্তমানেও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বাহিনীৰ বৰপেটা আৰু বাক্সাৰ মুছলপুৰৰ ১৪ জনীয়া এটা দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

কালদিয়া নৈৰ বাঢ়নি পানীত উটি গ'ল এজন লোক
কালদিয়া নৈৰ বাঢ়নি পানীত উটি গ'ল এজন লোক
অন্য এক খবৰৰ বাবে:মাতৃভূমি পালেহি শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰদেহ
ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বাহিনীৰ বৰপেটা আৰু বাক্সাৰ মুছলপুৰৰ ১৪ জনীয়া এটা দলে বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷ জালাহ পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ ৰাজবংশীৰ নেতৃত্বত চলি আছে এই উদ্ধাৰ অভিযান ।