বাক্সা, ২২ এপ্ৰিল :মহামাৰী ক'ৰণাৰ দ্বিতীয়টো ঢৌৰ বাবে দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷ এনে পৰিস্থিতিত ক'ভিড-১৯ ৰ সৈতে যুঁজিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি জানিবলৈ দিয়ে বাক্সা জিলাৰ স্বাস্থ্য বিভাগে ৷ বৃহস্পতিবাৰে জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মবিদুৰ ৰহমানে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে শেহতীয়াকৈ উদ্ভৱ হোৱা ক'ৰণাৰ বাবে বৰ্তমানলৈ জিলাখনত ১৭১৬১ টা ৰেপিড টেষ্ট আৰু ১৬২ টা আৰটি-পিচিআৰ টেষ্ট কৰা হৈছে ৷ আনহাতে, জিলাখনৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত সংলগ্ন ক'ভিড চেন্টাৰত ৪২ খন বিছনা ক'ভিড ৰোগীৰ বাবে সম্পূৰ্ণ সাজু কৰা হৈছে ৷
ইয়াৰোপৰি জিলাখনৰ বৰমা, নাগ্ৰীজুলি আৰু শালবাৰীত থকা আদৰ্শ চিকিৎসালয় কেইখনতো ক'ভিড ৰোগীৰ বাবে বিছনা সাজু কৰি তোলা হৈছে বুলি জানিবলৈ দিয়ে ডাঃ ৰহমানে । ইয়াকে লৈ জিলাখনত ক'ভিড ৰোগীৰ বাবে সাজু থকা মুঠ বিছনাৰ সংখ্যা হৈছে ১৮২ খন ৷ বৰ্তমানলৈ জিলাখনত প্ৰায় ৩৩ হাজাৰ লোকক ক’ভিড টিকাকৰণ কৰা হৈছে বুলিও বিষয়া গৰাকীয়ে উল্লেখ কৰে ৷ জিলা স্বাস্থ্য বিভাগৰ হাতত বৰ্তমান ৩২২০ ড'জ ক’ভিডশ্লিল্ড আৰু ৪৭২০ ড'জ কভেক্সিন মজুত আছে বুলি মন্তব্য কৰে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে । আনহাতে, বি টাইপৰ ডাঙৰ অক্সিজেন চিলিণ্ডাৰ ৫০ টা আৰু ডিএলচি চিলিণ্ডাৰ ৬ টা জিলা স্বাস্থ্য বিভাগৰ হাতত মজুত থকা বুলি ৰহমানে উল্লেখ কৰে ৷