বাক্সা, ১৯ জানুৱাৰী :অসমীয়া সমাজত মাঘ মাহক পবিত্র মাহ হিচাপে গণ্য কৰি আহিছে । সেয়ে মাঘ মাহত মানৱ সমাজৰ মংগল কামনা কৰি কীৰ্তন ঘৰ অথবা মন্দিৰ সমূহত ধৰ্মানুষ্ঠান পাতি অহা পৰিলক্ষিত হৈ আহিছে । সেই পৰম্পৰা অনুসৰি মঙলবাৰে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আওহাটা হৰি মন্দিৰতো দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ধৰ্মানুষ্ঠান।
হৰি নামেৰে মুখৰিত হ'ল বাক্সাৰ আওহাটা - baksa
বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আওহাটা হৰি মন্দিৰত দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ধৰ্মানুষ্ঠান । পুৱাৰে পৰা ভক্ত প্ৰাণ ৰাইজে ভাগৱত ভ্ৰমণৰ লগতে ভাগৱত পাঠত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
কাৰ্যসূচীৰ অংশ হিচাপে মঙলবাৰে পুৱাৰ ভাগৱত ভ্ৰমণ কাৰ্যসূচী ৰূপায়ন কৰা হয় । পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে ভাগৱত ভ্ৰমণৰ লগতে ভাগৱত পাঠৰ কাৰ্যসূচীত ভক্ত সকলৰ মন প্ৰাণ ভক্তিৰসেৰে আত্মহাৰা হৈ পৰা পৰিলক্ষিত হয় । ভক্তিৰসৰ ধ্বনিৰে আজিৰ আওহাটা হৰি মন্দিৰ এলেকা মূখৰিত হৈ পৰে । এই ধৰ্মানুষ্ঠানত অসমীয়া সমাজৰ লগতে নেপালী, আদিবাসী আদি জনগোষ্ঠীৰ লোক সকলে অনুষ্ঠানত ভাগ লৈ অনুষ্ঠানটো জীপাল কৰি তোলে ।
উল্লেখ্য যে, বহু বছৰ পূৰ্বৰে পৰা আওহাটা গঞা ৰাইজে মানৱ সমাজৰ মংগল কামনা কৰি ধৰ্মানুষ্ঠানৰ এই ভাগৱত ভ্ৰমণ কাৰ্যসূচী সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে পালন কৰি আহিছে ।
লগতে পঢ়ক: গণতন্ত্ৰ দিৱসৰ ফ্লাইপাষ্ট ভাৰ্টিকেল ছাৰ্লি একলব্যৰ নেতৃত্বত ৰাফেল