অসম

assam

ETV Bharat / state

কি ক'লে জিএছপিৰ একমাত্ৰ বিজয়ী প্ৰাৰ্থী ঘনশ্যাম দাসে ? - _GSP

প্ৰতিদ্বন্দী বিজেপি দলৰ প্ৰাৰ্থী কষ্টাইন তিৰ্কীক ২৫২২ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বাক্সা জিলাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ জিএছপি দলৰ প্ৰাৰ্থী ঘনশ্যাম দাসে বিজয় সাব্যস্ত কৰে ৷

baksa-gsp-winner
কি ক'লে একমাত্ৰ জিএছপিৰ বিজয়ী প্ৰাৰ্থী ঘনশ্যাম দাসে ?

By

Published : Dec 13, 2020, 4:38 PM IST

বাক্সা, ১৩ ডিচেম্বৰঃবাক্সা জিলাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ জিএছপি দলৰ প্ৰাৰ্থী ঘনশ্যাম দাসে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বিজেপি দলৰ প্ৰাৰ্থী কষ্টাইন তিৰ্কীক ২৫২২ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে ৷ ঘনশ্যাম দাসে মুঠ ভোট লাভ কৰে ১৪১৫৬ টা আৰু বিজেপি দলৰ প্ৰাৰ্থী কষ্টাইন তিৰ্কীয়ে লাভ কৰে ১২৬৩৪ টা ভোট ৷ ঘনশ্যাম দাসেই একমাত্ৰ জিএছপি দলৰ প্ৰাৰ্থী যিয়ে বিটিচি পৰিষদীয় সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷

কি ক'লে জিএছপিৰ একমাত্ৰ বিজয়ী প্ৰাৰ্থী ঘনশ্যাম দাসে ?
উল্লেখ্য যে, মুছলপুৰ ভোট গণনা কেন্দ্ৰৰ চাৰিটা পৰিষদীয় সমষ্টিৰ ভিতৰত এগৰাকী জিএছপি আৰু তিনিগৰাকী প্ৰাৰ্থী ইউপিপিএল দলৰ ৷ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ জিএছপি দলৰ প্ৰাৰ্থী আছিল ঘনশ্যাম দাস ৷ আনহাতে ২২ নং কোকলাবাৰী সমষ্টিৰ প্ৰাৰ্থী প্ৰমোদ বড়ো, ২৪ নং মুছলপুৰ সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্ম আৰু ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই কাতিৰাম বড়ো বিজয়ী হয় ৷ লগতে পঢ়ক: ঘোষণা হ’ল বিটিচিৰ নতুন পৰিষদৰ শপত গ্ৰহণৰ দিন

ABOUT THE AUTHOR

...view details