অসম

assam

ETV Bharat / state

ভাংগ্ৰীগুৰী গাঁৱত নিৰ্দলীয় প্ৰাৰ্থী মুনসিং ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

বিটিচিত পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰকৰি ৰাজনৈতি দল সমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে দিহিৰা পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰত নামিল নিদলীয় প্ৰাৰ্থী মুনসিং ব্ৰহ্ম ৷

Baksa election campigne indipandante cantedate  moonsing bhrahma
বাক্সা জিলাৰ ভাংগ্ৰীগুৰী গাঁৱত নিৰ্দলীয় প্ৰাৰ্থী মুনসিং ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Sep 4, 2020, 5:27 PM IST

বৰমা,4 ছেপ্তেম্বৰঃবিটিচিত ৰাজ্য পালৰ শাসন বাহাল থকাৰ মাজতে বিভিন্ন ৰাজনৈতিক দলে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে 23 নং দিহিৰা পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মুনসিং ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰত নমা দেখা গ’ল ৷ উক্ত নিৰ্বাচনী প্ৰচাৰ সভাতে মুনসিং ব্ৰহ্মই জনসাধাৰণক মাটিৰ পট্টা ,পানী যোগান, আদিকে ধৰি চৰকাৰী যি সমূহ সুবিধা দিব পৰা যায় সেই সমূহ প্ৰদান কৰিব বুলি আশ্ৱাস প্ৰদান কৰে ৷

বাক্সা জিলাৰ ভাংগ্ৰীগুৰী গাঁৱত নিৰ্দলীয় প্ৰাৰ্থী মুনসিং ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

ইপিনে প্ৰাৰ্থীত্ব সংঘাতৰ কথা দোহাৰি মুনসিং ব্ৰহ্মই কয় যে, বিপিএফ দলৰ প্ৰাৰ্থী ৰাজু বড়ালে দিহিৰা সমষ্টিত তেওঁৰ আধিপত্য আছে বুলি মিছা কথা কৈ হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ পৰা টিকট লৈ আহিছে ৷ সমষ্টিটোত ৰাজু বড়ালে ফেক্টৰ হ’ব নোৱাৰাৰ লগতে বিজেপিয়ে প্ৰাৰ্থী নিক্ষেপ কৰিলেও তেওঁৰ কোনো ধৰণৰ ক্ষতি নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হয় ৷

উল্লেখযোগ্য যে, ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিত বিপিএফ দলৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মুনসিং ব্ৰহ্মই এইবাৰ বিপিএফ দলৰ প্ৰাৰ্থীত্ব নাপালে যাৰ ফলত দলৰ বহু সদস্যই খৰ্গহস্ত হৈ মুনসিং ব্ৰহ্মক নিৰ্দলীয় প্ৰাৰ্থী ৰূপে নিক্ষেপ কৰিছে ৷ যাৰ ফলত ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিটোত বিপিএফ, বিজেপি আৰু নিৰ্দলীয় দলৰ নিৰ্বাচনী প্ৰচাৰৰ ৰণকৌশল চমকপ্ৰদ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

লগতে পঢ়কঃ কিয় জননী সুৰক্ষা আঁচনিক লৈ সুখী নহয় হিতাধিকাৰী ?

ABOUT THE AUTHOR

...view details