অসম

assam

ETV Bharat / state

পুৱা 10বজাৰ পূৰ্বে কাৰ্যালয়ত উপস্থিত হ'ব লাগিব বিষয়া-কৰ্মচাৰী - baksa_

শুকুৰবাৰে বাক্সাৰ জিলা কেন্দ্ৰটি পৰিদৰ্শন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ৷ এতিয়াৰে পৰা পুৱা ১০ বজাৰ পিছত কোনো বিষয়া-কৰ্মাচাৰীয়ে কাৰ্যালয়ত উপস্থিত হ'লে তেওঁলোকক অনুপস্থিতি বুলি ধৰা হ'ব বুলি মন্তব্য কৰে কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ।

baksa-e-dot-m-ghanaswam-das-visit
পুৱা 10বজাৰ পূৰ্বে কাৰ্যালয়ত উপস্থিত হ'ব লাগিব বিষয়া-কৰ্মচাৰী!

By

Published : Jan 2, 2021, 2:49 PM IST

বাক্সা, ১ জানুৱাৰী: শুকুৰবাৰে বাক্সাৰ জিলা কেন্দ্ৰটো পৰিদৰ্শন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ৷ কাৰ্যবাহী সদস্য গৰাকীয়ে আকস্মিকভাৱে বাক্সা জিলাৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত আজি চাডেন ভিজিট কৰি পোহৰলৈ আনে বহু ভয়ংকৰ তথ্য ৷ জিলাখনৰ যোগান বিভাগৰ কাৰ্যালয়ত প্ৰৱেশ কৰি যোগান পৰিদৰ্শক গৰাকী উপস্থিত নথকাত খৰ্গহস্ত হৈ পৰে কাৰ্যবাহী সদস্য গৰাকী । ইয়াৰ উপৰিও কেন্দ্ৰটোত কেইবাগৰাকী কৰ্মচাৰী উপস্থিত নথকাৰ বাবে অনুপস্থিতিৰ কাৰণ বিচৰাৰ লগতে কাৰ্যালয়ত উপস্থিতি বাধ্যতামূলক বুলি মন্তব্য কৰে সদস্য গৰাকীয়ে ৷

পুৱা 10বজাৰ পূৰ্বে কাৰ্যালয়ত উপস্থিত হ'ব লাগিব বিষয়া-কৰ্মচাৰী!

ইয়াৰ পিছতে,শিক্ষা বিভাগৰ কাৰ্যালয়, স্বাস্থ্য বিভাগৰ কাৰ্যালয়, সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুছলপুৰ মহকুমাৰ কাৰ্যালয়ত পৰিদৰ্শন কৰে ঘনশ্যাম দাসে । পৰিদৰ্শনৰ সময়ছোৱাত উক্ত কাৰ্যালয় কেইটাৰ জিলা বিষয়া সকলৰ অনুপস্থিতি ধৰা পেলায় । একমাত্ৰ স্বাস্থ্য বিভাগৰ জিলা সঞ্চালক গৰাকীৰ বাহিৰে কোনো এটা বিভাগৰে জিলা বিষয়া উপস্থিত নথকাত খৰ্গহস্ত হৈ পৰে কাৰ্যবাহী সদস্য গৰাকী ।

কাৰ্যবাহী সদস্য গৰাকীৰ মন্তব্য অনুসৰি, এতিয়াৰে পৰা বিষয়া আৰু কৰ্মচাৰী সকলে পুৱা ১০ বজাৰ পূৰ্বে নিজ নিজ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব ৷ ১০ বজাৰ পিছত অহা বিষয়া-কৰ্মচাৰীক অনুপস্থিতি বুলি ধৰা হ'ব বুলি সঁকীয়াই দিয়ে কাৰ্যবাহী সদস্য গৰাকীয়ে । আকস্মিক পৰিদৰ্শনৰ সময়ত তেওঁক সংগ দিয়ে বিটিআৰৰ মুছলপুৰ এমচিএলএ ৰাকেশ ব্ৰহ্মই ।

অন্য এক খবৰৰ বাবে: আজিৰে পৰা আৰম্ভ হ'ল চানডুবি মহোৎসৱ

ABOUT THE AUTHOR

...view details