বৰমা,২৫জুনঃ কোভিড-19ৰ যোদ্ধা চিকিৎসক,নাৰ্চ আৰু বিভিন্ন কৰ্মচাৰীসহ ১১ জনক বাক্সা জিলাৰ বৰমা আদৰ্শ চিকিৎসালয়ৰ পৰা বৃহস্পতিবাৰে নিজৰ কৰ্তব্য শেষ হোৱাত কোৱাৰেন্টাইনৰ ব্যবস্থা কৰে জিলা প্ৰশাসনে ৷ কোৱাৰেন্টাইনলৈ যোৱা প্ৰাক মুহুৰ্তত বাক্সা জিলা প্ৰশাসনে ফুলাম গামোছা আৰু একোটাকৈ কফি কাপেৰে সম্বৰ্ধনা জ্ঞাপন কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুচা ৰিজ'ৰ্টৰ কোৱাৰেন্টাইন চেন্টাৰত ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰে বাক্সা জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷
বৰমাত চিকিৎসক,নাৰ্চ সহ ১১ গৰাকীক কোৱাৰেন্টাইন - মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুচা ৰিজৰ্ট
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুচা ৰিজ'ৰ্টৰ কোৱাৰেন্টাইন চেন্টাৰত থকাৰ ব্যবস্থা কৰে বাক্সা জিলা প্ৰশাসনে 11 গৰাকীকৈ চিকিৎসক,নাৰ্চ,আৰু চিকিৎসা কৰ্মচাৰীক ৷
![বৰমাত চিকিৎসক,নাৰ্চ সহ ১১ গৰাকীক কোৱাৰেন্টাইন baksa doctore ,nurse,helth worker 11 quraintine manah national wildlife santuray mursa resort](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7764824-94-7764824-1593078679505.jpg)
ইপিনে উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি যোৱা শুক্ৰবাৰে মুছলপুৰ চিভিল চিকিৎসালয়ৰ পৰা প্ৰথমটো চিকিৎসক-নাৰ্চ আৰু কৰ্মচাৰীৰ দল কোৱাৰেন্টাইনলৈ যোৱাৰ পাছত বৃহস্পতিবাৰে দ্বিতীয়টো ১১ জনীয়া চিকিৎসক,নাৰ্চ আৰু চিকিৎসা কৰ্মীৰ দলক কোৱাৰেন্টাইনৰ বাবে প্ৰেৰণ কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুচা ৰিজ'ৰ্টলৈ ৷ অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি কোভিড-19 ৰ মূল যোদ্ধা চিকিৎসক, নাৰ্চ আৰু চিকিৎসাকৰ্মী সকলক জিলাখনৰ প্ৰথম শ্ৰেণীৰ আৱাস স্থলীত ৰখাৰ ব্যৱস্থা কৰি তেওঁলোকে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে সেই বিষয়েও নজৰ ৰখাৰ কথা ব্যক্ত কৰে জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷
ইফালে কোভিডৰ মূল যোদ্ধা চিকিৎসক সকলে কৰ্তব্য পালনত কোনো ধৰণৰ অসুবিধা নোপোৱা বুলি মন্তব্য কৰি কোভিড-19 আক্ৰান্ত ৰোগীৰ মুখামুখি হোৱাৰ কাৰণে কোনো ভয় বা সংকা নাই বুলি মন্তব্য কৰে ৷ কোভিড-19 ক্ষেত্ৰত ৰাইজ সতৰ্ক আৰু সাবধানতা অৱলম্বন কৰিলে একো ভয় কৰিব লগীয়া নাই বুলি কয় চিকিৎসকে ৷
লগতে পঢকঃ বাণিজ্যত অষ্টম স্থান দখলেৰে উজলিল নলবাৰীৰ প্ৰিয়া জৈন