বাক্সা, 21 অক্টোবৰ: বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ত বাক্সা জিলা ভিত্তিক যুৱ মহোৎসৱ (Baksa District Youth Festival)উলহে মালহে উদযাপন কৰা হয় ৷ বৃহস্পতিবাৰে ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু খেল মন্ত্ৰালয়ৰ অন্তৰ্গত নেহেৰু যুৱ কেন্দ্ৰ বাক্সাৰ উদ্যোগত আৰু বৰমা মহাবিদ্যালয়ৰ NSS সহযোগত বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই জিলা পৰ্যায়ৰ যুৱ মহোৎসৱ (Baksa District Youth Festival celebrated at Barma College)।
এই মহোৎসৱত বাক্সা জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ NSS, NCCৰ লগতে জিলাখনৰ নেহৰু যুৱ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ৷ ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বিকাশৰ উদ্দেশ্যে 6 টাকৈ বিভিন্ন বিভাগত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
উক্ত অনুষ্ঠানত NSSৰ উত্তৰ পূৱৰ সমন্বয়ক দীপক কুমাৰে (NSS North East Coordinator Deepak Kumar) কয় যে এই অনুষ্ঠানৰ মূল লক্ষ্য হৈছে যুৱ চামক একগোট কৰি সিহতৰ মাজত সমন্বয়, সাংস্কৃতিক সমন্বয়ৰ যোগেদি বাৰ্তা প্ৰেৰণ কৰা ৷ আজিৰ যুৱৰ সমাজে সমাজৰ পৰিৱৰ্তনৰ লগত খাপ খাই নিজকে সলাবলগীয়া হৈছে ৷ ইয়াৰ মাজতে আমি আমাৰ নিজৰ কৃষ্টি-সংস্কৃতি বৰ্তাই ৰাখিব লাগে ৷