অসম

assam

ETV Bharat / state

প্ৰদূষিত হৈছে মৰাপাগলদিয়াৰ পানী

নৈৰ পানীৰ অপব্যৱহাৰৰ ফলত অনুপযোগী হৈ পৰিছে নৈখনৰ পানী

ক্ৰমাৎ দূষিত হ'ব ধৰিছে মৰাপাগলদিয়া নৈৰ পানী

By

Published : Mar 26, 2019, 1:03 AM IST

বাক্সা, 25 মাৰ্চঃ বাক্সা জিলাৰ মাজেৰে বৈ যোৱা মৰাপাগলদিয়া নৈত বাৰিষা হ'লেই চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা অহা পানীৰে ফেনেফুটুকাৰে বাঢ়ি অহাৰ লগতে লৈ আহে শিল-বালি ৷ খৰালি হ'লে নৈখনৰ সোঁত কমি যায় যদিও শুকাই নাযায় পানী ৷ অতীতৰে পৰা এই নৈত কাপোৰ আৰু গা ধোৱাৰ লগতে খাদ্য সামগ্ৰী ধোৱা কাৰ্য্যত এই নদী ব্যৱহাৰ কৰি আহিছে নৈৰ দাতিকাষৰীয়া অঞ্চলত থকা ৰাইজে ৷

ক্ৰমাৎ দূষিত হ'ব ধৰিছে মৰাপাগলদিয়া নৈৰ পানী

কিন্তু বৰ্তমান সময়ত দূষিত হ'ব ধৰিছে এই নৈ খনৰ পানী ৷ বৰমাত থকা সাপ্তাহিক বজাৰ, বৰিমাখা বজাৰ আদিয়ে নদীখনত মুকলিকৈ বিক্ৰী কৰা মাছ-মাংসৰ পেটু, বজাৰৰ আৱৰ্জনাবোৰ নদীত পেলোৱাৰ ফলত নৈৰ পানী ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰিছে ৷

চৰকাৰে স্বচ্ছতাৰ সন্দৰ্ভত সততেঢাক-ঢোল বজাই আহিছে যদিও জনসাধাৰণ এই সময়ত কিমান সতৰ্ক হৈছে সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

ABOUT THE AUTHOR

...view details