অসম

assam

ETV Bharat / state

বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতাক সাপ আৰু নেউলৰ লগত তুলনা ৰিপুন বৰাৰ - প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা

বাক্সা জিলাৰ কংগ্ৰেছৰ উদ্যোগত সাংগঠনিক কৰ্মশালাৰ আয়োজন ৷ এই সন্দৰ্ভত বাক্সাৰ তামুলপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল

Baksa Congress Pressmeet : State Congress President Ripun Borah

By

Published : Sep 8, 2019, 11:27 PM IST

বাক্সা, 8 ছেপ্তেম্বৰ : দেওবাৰে দিনৰ ২ বজাত বাক্সা জিলাৰ কংগ্ৰেছৰ উদ্যোগত সাংগঠনিক কৰ্মশালাৰ আয়োজন কৰা হয় । কৰ্মশালাত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুৰ্গা দাস বড়োৰ লগতে বৰমা,তামুলপুৰ, গোৰেশ্বৰৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকে । কৰ্মশালা সন্দৰ্ভত বাক্সা জিলাৰ তামুলপুৰ ৰাজীৱ ভৱনত এখন স‌ংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে বিজেপিৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ কটাক্ষ কৰি কয় যে তেওঁলোকে এন আৰ চি খন নস্যাৎ কৰাৰ অধিকাৰ ক'ত পালে বুলি প্ৰশ্ন কৰে ৷ কিয়নো গৃহমন্ত্ৰী অমিত শ্বাহে এন আৰ চি প্ৰথম খচৰাত বাদ পৰা 41 লাখ অসমীয়া মানুহক বিদেশী আখ্যা দিছিল ৷ কিন্তু তাৰে 22 লাখ মানুহক 31 আগষ্টত প্ৰকাশ পোৱা এন আৰ চি চূড়ান্ত খচৰাই ভাৰতীয় নাগৰিক বুলি স্বীকৃতি দিলে ৷ গতিকে এই সন্দৰ্ভত অমিত শ্বাস ডাঙৰীয়াক অসম বাসীৰ ওচৰত ক্ষমা খুজিব লাগিব বুলি কয় । লগতে অমিত শ্বাহ ডাঙৰীয়াক পদত্যাগ কৰিবলৈ আহ্বান জনায় ৷

বাক্সাৰ তামুলপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল
আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে বিটিএডিত বিপিএফ আৰু ইউ পি পি এলৰ সম্ভাৱনীয় মিত্ৰতাক সাপ আৰু নেউলৰ লগত তুলনা কৰে ৷ লগতে কয় যে এতিয়া ৰাইজৰ বুজিবলৈ বাকী নাই কাৰণ ইউ পি পি এল দল হৈছে পৃথক ৰাজ্য বিচৰা দল আৰু বৰ্তমান ইউ পি পি আৰু বিপিএফৰ মিত্ৰতাই পৰোক্ষ ভাৱে পৃথক ৰাজ্য দাবীক সমৰ্থন কৰাকে বুজাইছে ৷ লগতে এই মিত্ৰতা অসম আৰু বিটিএডিৰ উন্নয়নৰ বাবে নহয় এই মিত্ৰতা ৰাজনৈতিক লাভালাভৰ বুলি মন্তব্য কৰে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details