বৰমা,২৩ ফেব্ৰুৱাৰী: বদন বৰফুকনৰ ইতিহাস নজনা, ৰোম সাম্ৰাজ্যৰ ইতিহাস নজনা সৰ্বানন্দ-হিমন্তই এদিন নিৰ্বাচন খেলিবলৈ অসমত সমষ্টিয়ে নাপাব ৷ বাক্সা জিলাৰ বৰমা সমষ্টিৰ অন্তৰ্গত নমাটি-কদমতল চক দূৰ্গা পূজা খলাত দেওবাৰে অনুষ্ঠিত নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বিৰোধী গণসমাৱেশত ভাষণ দি এইদৰে কয় বিশিষ্ট সাংবাদিক-বুদ্ধিজীৱি অজিত কুমাৰ ভূঞাই ৷
'কা' বিৰোধী প্ৰতিবাদত অংশ গ্ৰহণ কৰি অজিৎ কুমাৰ ভূঞাই কয়, যি নেতাই নিজৰ গাডীৰ বাবে জনগণক প্ৰতাৰণা কৰিব পাৰে তেনে নেতাই কেতিয়াও সমাজৰ সেৱা কৰিব নোৱাৰে ৷ তেওঁলোক চকু থাকিও অন্ধ ৷ অসমবাসীয়ে কৰা গণতান্ত্ৰিক আন্দোলনে সমগ্ৰ অসমৰ দৃষ্টি আকৰ্ষণ কৰিছে , কিন্তু নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ-হিমন্ত আদি ভ্ৰষ্টাচাৰী নেতাইহে দেখা নাপায় ৷ অসমীয়াই এদিন বিদেশী খেদিবলৈ আন্দোলন কৰিছিল, আজি বিদেশী নানিবলৈ আন্দোলন কৰিবলৈ বাধ্য হৈছে এয়া অসমীয়াৰ বাবে ডাঙৰ দূৰ্ভাগ্য ৷ যিয়ে মহাত্মা গান্ধীক হত্যা কৰা লোকক ভাল স্বীকৃতি দিয়ে, তেনে লোকে জনগণৰ হিত সাধিব নোৱাৰে ৷ আমি বিদেশী মুক্ত কৰিবলৈ বিজেপিক ভোট দিছিলো, কিন্তু তেওঁলোকে আমাক প্ৰতাৰণা কৰি হিন্দু বাংলাদেশী আনিব বিচাৰিছে ৷ একৈশৰ নিৰ্বাচনত বিজেপিক পুলিয়ে পোখাই উভালি পেলালেহে অসম ৰক্ষা পৰিব ৷ বদন বৰফুকনৰ ইতিহাস নজনা, ৰোম সাম্ৰাজ্যৰ ইতিহাস নজনা সৰ্বানন্দ-হিমন্তই এদিন নিৰ্বাচন খেলিবলৈ অসমত সমষ্টিয়ে নাপাব ৷