অসম

assam

By

Published : Sep 29, 2020, 4:08 PM IST

ETV Bharat / state

BTADত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফৰ ধৰ্ণা

বিটিএডিত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে বিপিএফৰ মহিলা মৰ্চাৰ ধৰ্ণা ৷

Baksa BPF
Baksa BPF

বৰমা, ২৯ ছেপ্টেম্বৰঃবিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত আজিও উত্তাল হৈ পৰিল বাক্সাৰ মুছলপুৰ ৷ মুছলপুৰ জিলা মহিলা বিপিএফ সমিতিৰ উদ্যোগত মঙলবাৰে কেবাসহস্ৰাধিক লোকে উত্তাল কৰি তোলে মুছলপুৰৰ পৰিৱেশ ৷ হাগ্ৰামা মহিলাৰী জিন্দাবাদ ধ্বনিৰে মহিলা বিপিএফ কৰ্মীসকলে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ বাবে এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন স্থগিত ৰাখি ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰিছিল বিটিএডিত ৷ কিন্তু শেহতীয়াভাৱে পৰিস্থিতি উন্নত হোৱাৰ পিচতো নিৰ্বাচন আয়োগ তথা ৰাজ্য চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নকৰাৰ অভিযোগ কৰে প্ৰতিবাদকাৰীয়ে ৷ সেয়ে ৰাজ্যপালৰ শাসন সমাপ্ত হোৱাৰ পূৰ্বে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বিপিএফ দলে ৷

মহিলা বিপিএফ দলৰ ধৰ্ণা

লগতে পঢ়কঃনিৰ্বাচন অনুষ্ঠিত কৰাৰ লৈ চিৰাঙত যুৱ বিপিএফ আৰু বিএচইউৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details