অসম

assam

ETV Bharat / state

বাক্সাৰ বৰমাত বি পি এফৰ 71 সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক - হাগ্ৰামা মহিলাৰী

কোকৰাঝাৰত অনুস্থিত হৈ যোৱা বি জে পিৰ এছ টি মৰ্চাৰ অধিৱেশনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বি টি চি পৰিষদ বি জে পি য়ে দখল কৰিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি সভাপতি ৰঞ্জিত দাসে আগৰ পৰাই বি টি চি দখল কৰিব বুলি কৈ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

baksa-bpf-cwc-meeting
বাক্সাৰ বৰমাত বি পি এফৰ 71 সংখ্যক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক বৈঠক

By

Published : Oct 15, 2020, 9:48 PM IST

বৰমা, ১৫ অক্টোবৰঃআগন্তুক ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনত বিজেপিয়ে দখল কৰিব বুলি স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ডা° হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পাচতে বৃহস্পতিবাৰে বাক্সা জিলাৰ বৰমাত অনুস্থিত হয় বি পি এফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক ৷ বৈঠকত বি পি এফ দলৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰাৰ কথা প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ মাজৰ সময়ছোৱাত দলটোৱে কিদৰে দলটোক আগুৱাই নিব সেই সম্পৰ্কে আলোচনা কৰে কাৰ্যনিৰ্বাহক সভাত ৷
ইফালে আজিৰ সভাত সাংসদ বিশ্বজিৎ দৈমাৰী উপস্থিত নথকা সম্পৰ্কত তেওঁৰ কাম থকাৰ কাৰণে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত উপস্থিত নথকা বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ বিশ্বজিৎ দৈমাৰী এতিয়াও বি পি এফ দলতে আছে বুলি জানিব দিয়ে বিপিএফ দলৰ সভাপতিগৰাকীয়ে ৷

বাক্সাৰ বৰমাত বি পি এফৰ 71 সংখ্যক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক বৈঠক

উল্লেখ্য যে, কোকৰাঝাৰত অনুস্থিত হৈ যোৱা বি জে পিৰ এছ টি মৰ্চাৰ অধিৱেশনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বি টি চি পৰিষদ বি জে পি য়ে দখল কৰিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি সভাপতি ৰঞ্জিত দাসে আগৰ পৰাই বি টি চি দখল কৰিব বুলি কৈ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
বি পি এফ দলত থকি বিৰোধী দলৰ সভা- সমিতিয়ে একাংশ বি পি এফ নেতা উপস্থিত থকা সম্পৰ্কত হাগ্ৰামা মহিলাৰীয়ে তেনে নেতাক দলৰ পৰা বয়কট কৰা বুলি কয় ৷ কিন্তু বি পি এফ নেতা ইমানুৱেল মুছাহাৰীৰ প্ৰসংগত ইমানুৱেল মোছাহাৰীৰ স্বাধীনতা থকাৰ কাৰণে বেলেগ দলৰ হৈ মিটিং কৰিব পাৰে বুলি কয় হাগ্ৰামাই ৷ ইফালে ৰাজ্যপালৰ শাসন নীতি বিৰুদ্ধ হৈছে নেকি বুলি সোধাত আইনজীৱী নহয় বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
লগতে পঢ়ক: ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে সু-খবৰ !

ABOUT THE AUTHOR

...view details