বাক্সা, ১৮ জুন : বাক্সাৰ বৰিমাখা খুতিপথাৰত সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী ১৫ বছৰীয়া কিশোৰৰ মৃতদেহ ৷ মৃত কিশোৰজন মুছলপুৰৰ সমীপৱৰ্তী অমৰাবতী (লামিদাৰা) গাঁৱৰ অবিনাশ কলিতা বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকে কিশোৰজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷ মৃত কিশোৰজন নৱম শ্ৰেণীৰ ছাত্ৰ আছিল ৷ কিশোৰজনে তিনি বছৰ ধৰি নিজ পৰিয়ালৰ পৰা আঁতৰি আহি এজন শিক্ষকৰ বাসগৃহত আছিল ৷
প্ৰাপ্ত খবৰ অনুসৰি, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত ৰাজীৱ বৰ্মন নামৰ এজন শিক্ষকৰ বাসগৃহত দুবছৰ ধৰি আছিল কিশোৰজন ৷ কিশোৰ জনক শিক্ষকজনে ৰাখি পঢ়াইছিল ৷ প্ৰায় তিনি বছৰ ধৰি থকা ছাত্ৰজনে শিক্ষক জনৰ ঘৰত ঘৰুৱা কিছু কাম কৰাৰ লগতে পঢ়া-শুনা কৰিছিল ৷ শিক্ষক জনে বহু মৰমত ৰাখিছিল ছাত্ৰ অবিনাশ কলিতাক ৷ কিন্তু বৃহস্পতিবাৰে ছাত্ৰজন নিখোজ হৈ থকাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে আৰু এডাল গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে কিশোৰজনক ৷ শিক্ষকজনে প্ৰকাশ কৰা অনুসৰি, কোনো সমস্যাত নাছিল ছাত্ৰজন, প্ৰয়োজনীয় সকলো সুবিধাই দিয়া হৈছিল ছাত্ৰজনক ৷