বাক্সা,31জুলাই:বাক্সাৰ বৰমাৰ জাৰিপাৰাত পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এজন কৃষক গুৰুতৰভাৱে আহত হয় ৷ আহত কৃষক ৰমা ব্ৰহ্মক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷
প্ৰাপ্ত তথ্য অনুসৰি,কৃষক ৰমা ব্ৰহ্মই পথাৰলৈ গৈ থকাৰ সময়তে আনন্দপুৰৰ পৰা আহি থকা এখন বাইকে পচণ্ড জোৰেৰে খুন্দা মাৰে ৷AS-14-K9654নম্বৰৰ বাইকখনৰ আৰোহী টিংকু ৰাজবংশীয়ে কাণত হেডফোন লগাই আহিছিল বুলি স্থানীয় লোকে মন্তব্য কৰে ৷