কুমাৰীকাটা, 13 নৱেম্বৰঃ বাক্সা জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত বিনোৱাপুৰত অঘটন ৷ জোঁৱায়েকৰ আক্ৰমণত মৃত্যু হয় শাহুৱেকৰ ৷ ঘটনা অনুসৰি অভিযুক্ত জোঁৱায়েক প্ৰকাশ মণ্ডলে শাহুৱেক গৌৰী শীলক কাঠৰ টুকুৰাৰে মূৰত আঘাত কৰে যাৰ ফলত মৃত্যুক আঁকোৱালি লয় মহিলাগৰাকীয়ে ৷ পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷
জোঁৱায়েকৰ আক্ৰমণত নিহত শাহুৱেকঃ উত্তপ্ত কুমাৰীকাটা থানা চৌহদ - Binoapur murder
বাক্সা জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত বৃহত্তৰ এন কে আঙাৰকাটাৰ বিনোৱাপুৰত অঘটন । জোঁৱায়েকে কাঠৰ টুকুৰাৰে মূৰত আঘাত কৰি হত্যা কৰে শাহুৱেকক ৷
![জোঁৱায়েকৰ আক্ৰমণত নিহত শাহুৱেকঃ উত্তপ্ত কুমাৰীকাটা থানা চৌহদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5050958-thumbnail-3x2-k.jpg)
বিনোৱাপুৰত অঘটনঃ জোৱায়েকৰ আক্ৰমণত নিহত শাহুৱেক
বিনোৱাপুৰত অঘটন
আনহাতে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্ত প্ৰকাশ মণ্ডলক আটক কৰে ৷ লগে লগে স্থানীয় মহিলাসকল আৰক্ষী চকীত উপস্থিত হৈ হত্যাকাৰীৰ ফাঁচীৰ দাবীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷
Last Updated : Nov 13, 2019, 7:00 PM IST