বৰমা, ৯অক্টোবৰঃ বেঁকী নৈৰ পানী কমিবলৈ ধৰাৰ লগে লগে বেকী নৈৰ বুকুত আৰম্ভ হৈছে তীব্ৰ গৰাখহনীয়া । বিশেষকৈ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোবৰ্দ্ধনা গাঁৱত আৰম্ভ হৈছে । উল্লেখযোগ্য যে, নামনি অসমৰ অন্যতম এক প্ৰধান বেঁকী নৈয়ে বাক্সা আৰু বৰপেটা দুয়োখন জিলাৰ মাজেৰে বৈ গৈ মহাবাহু ব্ৰহ্মপুত্ৰত পৰিছে । বৰ্তমান বেকী নৈৰ তীব্ৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত সমগ্ৰ গোৱৰ্দ্ধনা গাঁৱখনেই বেঁকী নদীত জাহ যোৱাৰ উপক্ৰম হৈছে। প্ৰতি মুহূৰ্ত্ততে বিধ্বংসী খহনীয়াৰ ফলত চপৰা চপৰে খহিছে নৈৰ পাৰৰ মাটি ।
বেকী নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম বাক্সাৰ এখন গাঁও - ক্ষিপ্ৰতাৰে আঁতৰিছে
বানপানীৰ পিছত গৰাখহনীয়াৰ তাণ্ডৱ ৷ বেকী নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম বাক্সাৰ গোৱৰ্দ্ধনা গাঁও ৷ ক্ষিপ্ৰতাৰে আঁতৰিছে নৈৰ কাষৰ পৰা গাঁওবাসী।
![বেকী নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম বাক্সাৰ এখন গাঁও baksa river erosion](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9108107-725-9108107-1602224712142.jpg)
আনহাতে বিধ্বংসী এই খহনীয়াৰ ফলত প্ৰায় শতাধিক অসমীয়া পৰিয়ালেৰে উক্ত গাঁৱখন বেঁকী নদীৰ বুকুত নিঃশ্চিহ্ন হোৱাৰ সম্ভাৱনাই দেখা দিছে । ইতিমধ্যে অব্যাহত থকা ভয়ংকৰ খহনীয়া প্ৰত্যক্ষ কৰি নৈ পৰীয়া আতংকিত বহু পৰিয়ালে ঘৰ-বাৰী ভাঙি সেই স্থানৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হৈছে। এনে পৰিপেক্ষিতত এতিয়া গাঁৱখনৰ ৰাইজে সহায়ৰ হাত বিচাৰিছে চৰকাৰৰ ওচৰত। এই ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় বিধায়কৰ লগতে স্থানীয় প্ৰশাসনে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষ্যণীয় হ’ব ।
লগতে পঢ়কঃ পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰীৰ বনচোম গেট