বাক্সা/সৰুপথাৰ, 3 আগষ্ট :বুধবাৰে অসম জীয়ৰী লাভলীনা বৰগোঁহাইয়ে টকিঅ’ অলিম্পিকিত ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ছেমি ৰিঙত নমাৰ পূৰ্বে লাভলীনাৰ বাবে অসমবাসীয়ে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰা দেখা গৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বাক্সাতো লাভলীনাই যাতে সফলতাৰে বুধবাৰে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, তাৰ বাবে প্ৰাৰ্থনা কৰা দেখা যায় ৷
উল্লেখযোগ্য যে, বৰমা উচ্চতৰ মাধ্যমিক খেলপথাৰত এক শুভেচ্ছামূলক কাৰ্যসূচী ৰূপায়ণ কৰে বাক্সা জিলা ক্ৰিয়া সন্থাৰ উদ্যোগত আৰু বৰমা স্প’র্টছ ক্লাবৰ সহযোগত ৷ লাভলীনা বৰগোঁহাইলৈ জনোৱা এই শুভেচ্ছামূলক অনুষ্ঠানত বাক্সা জিলা ক্ৰিয়া সন্থাৰ সভাপতি বাবুল সভাপতিত্ব কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ফুটবল খেলুৱৈ সুৰেণ বসুমতাৰীয়ে ৷ একেদৰে বাক্সাৰ শিমলাতো শালবাৰী জিলা ক্ৰীড়া সন্থাই লাভলীনাক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে বাহিৰ কৰে চাইকেল ৰেলী ৷
লগতে পঢ়়কঃ'সেৱাই পঞ্চায়ত' অনুষ্ঠানত অংশগ্ৰহণ মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ