অসম

assam

ETV Bharat / state

বিটিআৰত গাঁও অন্তৰ্ভুক্তিৰ বাবে ২৫ জানুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব - গাঁঁও কৰ্তন আৰু অন্তৰ্ভুক্ত

বৰমা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ ৩৬ তম বাৰ্ষিক অধিবেশন বৃহস্পতিবাৰে দিনযোৰা কাৰ্যসূচীৰে বাক্সা জিলাৰ বৰমাত অনুষ্ঠিত হয় ৷ অধিবেশত বিশেষ অতিথি হিচাপে উপস্থিত থাকি কেইবাটাও গুৰুত্ব পূৰ্ণ মন্তব্য প্ৰকাশ কৰে এবছুৰ কেন্দ্ৰীয় উপ সভাপতি জয়ন্ত বসুমতাৰীয়ে ৷ তেওঁ কয়, বিটিআৰ চুক্তি মতে গাঁও কৰ্তন বা অন্তৰ্ভুক্ত কৰিব পাৰিব ৷ ২৫ জানুৱাৰীৰ ভিতৰত গাঁও কৰ্তন বা অন্তৰ্ভুক্ত ক্ষেত্ৰত আবেদন সমুহ জমা দিব পাৰিব বুলি জানিবলৈ দিয়ে জয়ন্ত বসুমতাৰীয়ে ৷

baksa barama absu 36 conference
বিটিআৰত গাঁও অন্তভূক্তিৰ বাবে ২৫ জানুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব

By

Published : Jan 21, 2021, 10:45 PM IST

বাক্সা, ২১ জানুৱাৰী : বিটিআৰ চুক্তি মতে গাঁও কৰ্তন বা অন্তৰ্ভুক্ত কৰিব পাৰিব ৷ বিটিচিৰ সীমান্তৰ কোনো গাঁও যদি বিটিআৰৰ অধিনৰ পৰা ওলাই যাব বিচাৰে তেনেহ'লে সেই গাঁওখনে চৰকাৰক আবেদন কৰি ওলাই যাব পাৰিব আৰু যদি কোনো এখন গাঁও বিটিআৰত অন্তৰ্ভুক্ত হব বিচাৰিছে তেনেহলে তাৰ বাবে আবেদন কৰিব পাৰিব ৷

বিটিআৰত গাঁও অন্তৰ্ভুক্তিৰ বাবে ২৫ জানুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব

বৃহস্পতিবাৰে বাক্সা জিলাৰ বৰমাত অনুষ্ঠিত হোৱা বৰমা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ ৩৬ তম বাৰ্ষিক অধিবেশনস্থলীত সাংবাদিকক সম্বোধন কৰি এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে এবছুৰ কেন্দ্ৰীয় উপ সভাপতি তথা বিটিআৰ অধিনৰ গাঁঁও কৰ্তন আৰু অন্তৰ্ভুক্ত কৰাৰ কমিতিৰ সদস্য জয়ন্ত বসুমতাৰীয়ে ৷ তেওঁ কয়, ট্ৰাইবেল বেল্টৰ অধিনত থকা গাঁওসমুহ কাটি নিব নোৱাৰিব ৷ ইয়াৰ সমান্তৰালভাৱে ২৫ জানুৱাৰীৰ ভিতৰত গাঁও কৰ্তন বা অন্তৰ্ভুক্ত ক্ষেত্ৰত আবেদন সমুহ জমা দিব পাৰিব বুলি জানিবলৈ দিয়ে জয়ন্ত বসুমতাৰীয়ে ৷

উল্লেখ্য যে, বৰমা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ ৩৬ তম বাৰ্ষিক অধিবেশন বৃহস্পতিবাৰে দিনযোৰা কাৰ্যসূচীৰে বাক্সা জিলাৰ বৰমাত অনুষ্ঠিত হয় ৷ এই উপলক্ষে অনুষ্ঠিত সভাত বৰমা এবছুৰ সভাপতি তনু চন্দ্ৰ বড়োৱে সভাপতিত্ব কৰে ৷ সভাত বাক্সা জিলা এবছুৰ সভাপতি নৃপেন চন্দ্ৰ বড়ো, বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰী, বৰমা বাথৌ আশ্ৰমৰ প্ৰধান শিক্ষক মোহন স্বৰ্গীয়াৰী আদি উপস্থিত থাকে ৷ সভাত অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক : আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা

ABOUT THE AUTHOR

...view details