বাক্সা, ১১ এপ্ৰিল: নিষ্ঠুৰতাৰ সীমা চেৰাই জন্মদাত্ৰী মাতৃৰ জঘন্য কাণ্ড । নিজৰ ফুলকুমলীয়া সদ্যজাত শিশুক বাক্সাৰ তামুলপুৰৰ পথৰ দাঁতিত পেলাই থৈ গ'ল কোনো অজ্ঞাত লোকে । তামুলপুৰৰ দিঘিলীপাৰ কালি মন্দিৰৰ সন্মুখত শনিবাৰে সন্ধিয়া ৬.৪৫ বজাত উদ্ধাৰ হয় সদ্যজাত দেৱ কন্যা শিশুটো । নিজৰ লজ্জা ঢাকিবৰ বাবে তামুলপুৰ সমূহীয়া চিকিৎসালয়ৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বত এইদৰে পেলাই থৈ যায় দেৱ কন্যা শিশুটি ।
শনিবাৰে সন্ধিয়া তামুলপুৰ-ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথেৰে এগৰাকী লোক আহি থকা অৱস্থাত দেৱ শিশুটিৰ হৃদয় ভঙা কান্দোন শুনি লোকজনে ইফাল-সিফাল বিচাৰি দেৱ শিশুটিক পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে । লগে লগে যুৱকজনে শিশুটিক উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় । পাচত চাইল্ড লাইনৰ লগত যোগাযোগ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই । কোনো লোকৰ অপকৰ্মৰ ফলত জন্ম হোৱা আৰু নিজৰ লজ্জা ঢাকিবৰ বাবে এইদৰে দেৱ শিশু এটিক পথৰ দাঁতিত পেলাই থৈ যোৱা কাণ্ডক ধিক্কাৰ দিছে সচেতন ৰাইজে ।