বাক্সা,21অক্টোবৰ: বাক্সাৰ গোৰেশ্বৰত মহিলাক ধৰ্ষণকাণ্ডৰ অভিযুক্ত বৰ্তমানেও মুকলি আকাশৰ তলত ৷ ধৰ্ষণৰ অভিযোগত অভিযুক্ত চামচুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে যদিও বৰ্তমানেও আৰক্ষীয়ে এই ক্ষেত্ৰত গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷
উল্লেখ্য যে,শুকুৰবাৰে নিশা বাক্সাৰ গোৰেশ্বৰত এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা চলাইছিল অঞ্চলটোৰ চামচুল হক নামৰ এজন লোকে ৷ মহিলা গৰাকীৰ স্বামী কৰ্মসূত্ৰে বহি:ৰাজ্যত থকাৰ লগতে বৰ্তমান ঘৰখনত থকা একমাত্ৰ শহুৰেকৰ বেমাৰৰ সুযোগ লৈ ধৃত চামচুলে মহিলা গৰাকীক ধৰ্ষণৰ অপচেষ্টা চলাই বুলি অভিযোগ উত্থাপন কৰে মহিলা গৰাকীয়ে ৷ নিশা প্ৰায় ১২ মান বজাত মহিলাগৰাকীৰ ঘৰৰ ওপৰৰ অংশৰ বেৰ কাটি ভিতৰলৈ প্ৰৱেশ কৰি মহিলাগৰাকীক ধৰ্ষণৰ অপচেষ্টা চলাই ৷ চাৰি মহীয়া এটি সন্তানৰ মাতৃ গৰাকীক শুই থকা অৱস্থাত মুখত হাতেৰে চেপা মাৰি ডেগাৰ দেখুৱাই মহিলা গৰাকীক ভয়-ভাবুকি দেখাই বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে মহিলা গৰাকীয়ে ৷ কিন্তু মহিলা গৰাকীৰ চিৎকাৰত অসুখীয়া শহুৰেক গৰাকী উঠি অহাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে লম্পটজনে ৷