অসম

assam

ETV Bharat / state

বাক্সাৰ নাগ্ৰীজুলিত ইউ পি পি এলৰ পদযাত্ৰা - নাগ্ৰীজুলি

বাক্সাৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত ইউ পি পি এলৰ পদযাত্ৰা। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ ১৭ বছৰীয়া শাসনৰ পৰিবৰ্তন বিচাৰি এই কাৰ্যসূচী গ্ৰহণ কৰিছে ইউ পি পি এলে।

বাক্সাৰ নাগ্ৰীজুলিত ইউ পি পি এলৰ পদযাত্ৰা
বাক্সাৰ নাগ্ৰীজুলিত ইউ পি পি এলৰ পদযাত্ৰা

By

Published : Oct 23, 2020, 5:54 PM IST

বাক্সা, ২৩ অক্টোবৰ: আগন্তুক বি টি চি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তীব্রতৰ কৰি তুলিছে। প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলেও বুধবাৰৰ পৰা আৰম্ভ কৰিছে পদযাত্ৰা কাৰ্যসূচী। এই কাৰ্যসূচীৰ অংশ হিচাপে শুক্ৰবাৰে বাক্সাৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত পদযাত্ৰা কৰে ইউ পি পি এল দলৰ নেতা-কৰ্মীয়ে। বি পিএফৰ ১৭ বছৰীয়া শাসন ওফৰাবলৈ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে এইবাৰ এনেদৰে ৰাইজৰ মাজত প্ৰচাৰ চলাইছে দলটোৱে।

বাক্সাৰ নাগ্ৰীজুলিত ইউ পি পি এলৰ পদযাত্ৰা

নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী সুশীল দাসে উক্ত কাৰ্যসূচীৰ দ্বাৰা প্ৰতিজন লোকৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ আৰু ইউ পি পি এল দলৰ লক্ষ আৰু উদ্দেশ্য সম্পৰ্কে ৰাইজক অৱগত কৰায়। সমষ্টিটোৰ চন্দ্ৰনগৰৰ পৰা আৰম্ভ কৰা এই পদযাত্ৰা কাৰ্যসূচীত শতাধিক পুৰুষ-মহিলাই হাতে হাতে ট্ৰেক্টৰৰ ছবি লৈ প্ৰায় ৫ কিলোমিটাৰ পৰ্যন্ত পদযাত্ৰা কৰে। আনহাতে, বি টি চি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হলে ইউ পি পি এল দলেই চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে দলটোৰ নেতৃত্বই।

লগতে পঢ়ক:বকোত নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল হুণ্ডাই আই ২০ বাহন

ABOUT THE AUTHOR

...view details