বাক্সা, ২১ অক্টোবৰ: ইউ পি পি এল দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বাক্সা জিলাত আজিৰে পৰা দলটোৱে আৰম্ভ কৰিছে পদযাত্ৰাৰ কাৰ্যসূচী। তামুলপুৰৰ কুমাৰীকাটাৰ পানীটেংকী চ'কৰ পৰা পদযাত্ৰা আৰম্ভ কৰে ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ কৰ্মীসকলে। জানিব পৰা মতে, ইউ পি পি এল দলে সমগ্ৰ বি টি আৰৰ ৪০ টা পৰিষদীয় সমষ্টিৰ গাঁৱে গাঁৱে পদযাত্ৰা কৰিব।
বাক্সাৰ কুমাৰীকাটাত ইউ পি পি এল দলৰ পদযাত্ৰা - দৰঙাজুলি
বাক্সাৰ ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ ইউ পি পি এল দলৰ পদযাত্ৰা। তামুলপুৰৰ কুমাৰীকাটাৰ পানীটেংকী চ'কৰ পৰা পদযাত্ৰা আৰম্ভ কৰে দলটোৰ নেতা-কৰ্মীয়ে।
বাক্সাৰ কুমাৰীকাটাত ইউ পি পি এল দলৰ পদযাত্ৰা
আজিৰ পদযাত্ৰাৰ শুভাৰম্ভ কৰে দৰঙাজুলি পৰিষদীয় সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী ফুনীন্দ্ৰ নাৰ্জাৰীয়ে। বি টি চিত বি পি এফ দলৰ ১৭ বছৰীয়া শাসন কালত হোৱা দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা ৰাইজক মুক্ত কৰাৰ উদ্দেশ্য সজাগ কৰাৰ প্ৰয়াসৰে ইউ পি পি এল দলে এই পদযাত্ৰা আৰম্ভ কৰিছে বুলি মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে। পদযাত্ৰা কাৰ্যসূচীত ইউ পি পি এল দলৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী নেতাৰ লগতে দৰঙাজুলি ব্লক ইউ পি পি এল দলৰ দলীয় নেতা-কৰ্মী সকলে অংশগ্ৰহণ কৰে।