বাক্সা, ১৭ অক্টোবৰ: বাক্সাৰ নাওকাটা বাঙালীপাৰাত বিজেপি কৰ্মীৰ উদ্ভণ্ডালি। ৰাজপথতে ৰমনী বড়ো নামৰ এজন যুৱকক চুৰিকাঘাত কৰে বিজেপি কৰ্মী মনোজ দাস আৰু হৰকান্ত ডেকাই। বাঙালীপাৰাত গাড়ী ৰখোৱাক কেন্দ্ৰ কৰি প্ৰথমে কাজিয়াৰ সুত্ৰপাত হয় ৷ পিছত কাজিয়াই ভয়াৱহ ৰূপ লয়। আন ৪ জন বন্ধুৰ সৈতে গাড়ীৰে আহি আছিল ৰমেন বড়ো। বাঙালীপাৰাত গাড়ী ৰখোৱা স্থানক লৈ মনোজ দাস আৰু হৰকান্ত ডেকাৰে বাক-বিতণ্ডা হয়।
বাক্সাৰ বাঙালীপাৰাত বি জে পিৰ কৰ্মীয়ে চুৰিকাঘাত কৰিলে যুৱকক
বাক্সাৰ বাঙালীপাৰাত বি জে পি কৰ্মীৰ গুণ্ডাগিৰি ৷ চোকা অস্ত্ৰৰে ৰাজপথতে আক্ৰমণ কৰিলে এজন যুৱকক ৷ ঘটনাৰ পিছতে বি জে পিৰ কৰ্মী মনোজ দাস আৰু হৰকান্ত ডেকাক আটক কৰে আৰক্ষীয়ে।
বাক্সাৰ বাঙালীপাৰাত বি জে পিৰ কৰ্মীয়ে চুৰিকাঘাত কৰিলে যুৱকক
প্ৰতিশোধ ল'বলৈ ৰাজপথতে আক্ৰমণ কৰে দুই বিজেপি কৰ্মীয়ে। আটাইকেইজনৰে ঘৰ গোৰেশ্বৰৰ ঔবাৰী গাঁৱত৷ সুৱাগপুৰ আৰক্ষী চকীত মনোজ দাস আৰু হৰকান্ত ডেকাৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰিছে ৰমনী বড়োৱে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে উদণ্ড বিজেপি কৰ্মী দুজনক। উল্লেখ্য যে,মনোজ দাস নামৰ লোকজন পূৰ্বেও কেইবাটাও অপৰাধজনিত ঘটনাৰে জড়িত হৈ ৰঙাঘৰৰ আলহী হৈছিল৷
লগতে পঢ়ক:মহানগৰীত যাত্ৰীবাহী বাছত মহিলাৰ আকস্মিক মৃত্যু