বাক্সা,10 এপ্ৰিল: এটা গীতৰ ভিডিঅ’ আৰু তাৰ পিছতে বিতৰ্ক । অসমৰ লগতে উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ সহ কেইবাখনো ৰাজ্যৰ ঠায়ে ঠায়ে গোচৰ ৰুজু গীতটিৰ সৈতে জড়িত শিল্পীৰ ওপৰত । আদিবাসী সমাজৰ ৰোষত ইউটুবাৰ মেৰী হাছদা । আৰু তাৰ পিছতে ভুল স্বীকাৰ গীতটোৰ সৈতে জড়িত একাংশ শিল্পীৰ ।
ঘটনাৰ বিৱৰণী অনুসৰি, ২ এপ্ৰিলত তামুলপুৰৰ পৰা মুক্তি লাভ কৰা আদিবাসী গীতটোৱে অসমৰ লগতে ভিন্ন ৰাজ্যত বিতৰ্কৰ সূত্ৰপাত ঘটাইছে । গীতটোত তেওঁলোকৰ ভগৱানক অপমান কৰা বুলি অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে বিভিন্ন লোক তথা দল-সংগঠনে । জুৱাকিম টুডুয়ে লিখি উলিওৱা গীতটিত কণ্ঠদান কৰিছিল মেৰী হাছদাই । কিন্ত গীতটোৰ দ্বাৰাই ভগৱানক অপমান কৰাৰ উদ্দেশ্য নাছিল বুলি জানিবলৈ দিছে গীতটিৰ সৈতে জড়িত শিল্পীসকলে ।