বাক্সা,1 ফেব্ৰুৱাৰী: দেওবাৰে তেজপুৰ আৰু শুৱালকুছিত আছু কৰ্মীৰ ওপৰত আৰক্ষীয়ে কৰা বৰ্বৰ অত্যাচাৰৰ প্ৰতিবাদত সোমবাৰে বাক্সা জিলাৰ অঞ্চলীত সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ৷ চাপাগুৰি ককলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয় ৷ প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
বাক্সাৰ অঞ্চলীত আছুৰ প্ৰতিবাদ - baksa anchali AASU protest
সোমবাৰে বাক্সা জিলাৰ অঞ্চলীত সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ৷ চাপাগুৰি ককলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয় ৷
এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অপূৰ্ব দাস, বাক্সা জিলা ছাত্র সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য যদু দাসকে আদি কৰি সংগঠনটোৰ কেইবাগৰাকীয়ো নেতা ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে আছুৱে নগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ এই কাৰ্যসূচীৰ অংশ স্বৰূপে দেওবাৰে তেজপুৰ আৰু শুৱালকুছিত আছুৰ জোৰ সমদল কৰা কৰ্মীক আৰক্ষীয়ে প্ৰহাৰ কৰে ৷ ইয়াৰ পিছতেই সোমবাৰে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷
লগতে পঢ়ক-বাজেট সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া : লাগিছিল ষ্টেৰয়’ড,দিলে পেৰাচিটামল