অসম

assam

By

Published : Sep 16, 2019, 3:31 PM IST

Updated : Sep 16, 2019, 8:27 PM IST

ETV Bharat / state

সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

বাক্সা,16 ছেপ্তেম্বৰ : সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মহিলা সমিতিৰ বাক্সা জিলাৰ উদ্যোগত তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে দিনৰ 11 বজাৰ পৰা দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰে ৷ চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী তালিকাৰ পৰা ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ নাম অন্তৰ্ভুক্ত নকৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ কৰে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কোচ ৰাজবংশী সকলৰ নাম বিনাচৰ্তে এন আৰ চিৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গকুল বৰ্মনে ৷

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

সম্পাদক গৰাকীৰ ঘোষণা," ২০ ছেপ্টেম্বৰত সৰ্বাত্মক অসম আৰু কমতাপুৰ বন্ধ ঘোষণা কৰাৰ লগতে দিল্লীত ৩০ ছেপ্তেম্বৰত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই ৷" যদি ইয়াৰ পিছতো কোঁচ ৰাজবংশীৰ সকলৰ দাবী মানি নলয় তেন্তে পৰৱৰ্তী সময়ত দিল্লীতে কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি পৰৱৰ্তী কাৰ্যসূচী ল'ব বুলি উল্লেখ কৰে সম্পাদক গকুল বৰ্মনে ৷ লগতে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে হুংকাৰ দিয়ে যে কোঁচ ৰাজবংশীসকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱালৈকে অসম শান্তিত থাকিব নোৱাৰে,হাত-সাৱটি বহি নাথাকে কোঁচ ৰাজবংশীয়ে ৷

অৱস্থান ধৰ্মঘট
সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত কোঁচ ৰাজবংশী সকলৰ নাম বাদ পৰা প্ৰতিবাদত সদৌ নগাঁও জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগতো কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখতো ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী৷ অসমৰ মাটি-পানী-বায়ুৰ লগত কোনো সমন্ধ নথকা বহিঃৰাজ্যৰ এগৰাকী বিষয়াৰ দ্বাৰা এন আৰ চি প্ৰস্তুত কৰাৰ বিষয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগঠনটোৱে । সংগঠনটোৱে এন আৰ চি প্ৰক্ৰিয়াৰ পুণৰীক্ষণ কৰি এখন ক্ৰটিহীন তালিকা প্ৰকাশ কৰাৰ দাবীত সংগঠনটোৱে অৱস্থান ধৰ্মঘট পালন কৰাৰ লগতে কলিয়াবৰৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ৷

Last Updated : Sep 16, 2019, 8:27 PM IST

ABOUT THE AUTHOR

...view details