অসম

assam

ETV Bharat / state

বাক্সা জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন - বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ

বাক্সা জিলাৰ তিনিটা মহকুমাক সামৰি 11 টা পৰিষদীয সমষ্টিট সোমবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ বাক্সাত ৭৪,১৯১৯ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব জিলাখনৰ 11 টা সমষ্টিৰ ৭০ গৰাকী প্ৰাৰ্থীৰ ।

বাক্সা জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন
বাক্সা জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন

By

Published : Dec 6, 2020, 5:58 PM IST

বাক্সা,6 ডিচেম্বৰঃ সোমবাৰে অনুষ্ঠিত হ’ব বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ইতিমধ্যে সাজু হৈ উঠিছে জিলা প্ৰশাসন ৷ সম্প্ৰতি নিৰ্বাচনৰ লগত জড়িত সকলো বিষয়া-কৰ্মচাৰীয়ে নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰ লৈ যাবলৈ সাজু হৈছে ৷ উল্লেখযোগ্য যে, বাক্সা জিলাৰ তিনিটা মহকুমাক সামৰি 11 টা পৰিষদীয সমষ্টিট সোমবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ বাক্সাত ৭৪,১৯১৯ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব জিলাখনৰ 11 টা সমষ্টিৰ ৭০ গৰাকী প্ৰাৰ্থীৰ ।

বাক্সা জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন

ইপিনে মুছলপুৰত ২০ গৰাকী, তামুলপুৰত ৩৪ গৰাকী, শালবাৰীত 16 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা কৰিছে । তাৰ সমান্তৰালভাবে জিলাখনৰ ৯৩২ টা ভোটকেন্দ্ৰৰ স্পৰ্শকাতৰ ২৬৮ টা আৰু অতি স্পৰ্শকাতৰ ৩৪২ টা সমষ্টিক চিনাক্ত কৰিছে প্ৰশাসনে ৷ ইপিনে মুছলপুৰ মহকুমাত ৪ টা সমষ্টি, শালবাৰী মহকুমাত ২ টা আৰু তামুলপুৰ মহকুমাত ৫ টা সমষ্টি আছে ।

আনহাতে নিৰ্বাচনত নিয়োজিত আৰক্ষীক কমকৈ ভাট্টা দিয়াক লৈ আপত্তি কৰিছে একাংশ আৰক্ষী জোৱানে ৷ ইতিমধ্যে বিভিন্ন প্ৰান্তত পৰা আজি কেইবাদিনো ধৰি আহি মুছলপুৰত বাহৰ পাতি থকা আৰক্ষী লোকসকলক কৰ্তব্যৰ কাৰণে পঠিয়াবলৈ সাজু কৰি ৰখাৰ সময়তে বহু আৰক্ষীয়ে 800 টকা দিয়াক লৈ আপত্তি কৰা দেখা গৈছে ৷

লগতে পঢ়কঃ হাগ্ৰামাক জেললৈ পঠিয়ালে হিমন্তকো পঠাব লাগিব : আব্দুল খালেক

ABOUT THE AUTHOR

...view details