অসম

assam

ETV Bharat / state

বাক্সা জিলা এবছুৰ 16 তম অধিবেশন আৰম্ভ - শিমলাৰ খামাৰদৈচা খেলপথাৰ

শনিবাৰৰ পৰা শিমলাৰ খামাৰদৈচা খেলপথাৰত তিনিদিনীয়াকৈ আৰম্ভ হৈছে বাক্সা জিলা এবছুৰ 16 সংখ্যক অধিৱেশন ৷

বাক্সা জিলা এবছুৰ 16 তম অধিবেশন আৰম্ভ
বাক্সা জিলা এবছুৰ 16 তম অধিবেশন আৰম্ভ

By

Published : Jan 23, 2021, 1:31 PM IST

বাক্সা, 23 জানুৱাৰী :নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ বাক্সা জিলা অধিৱেশন আৰম্ভ হৈছে ৷ শনিবাৰৰ পৰা জিলাখনৰ শিমলাৰ খামাৰদৈচা পথাৰত খেলপথাৰত অনুষ্ঠিত হৈছে এই অধিৱেশন ৷ শনিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এবছুৰ 16 সংখ্যক এই অধিৱেশন ৷

শনিবাৰে ৰাতিপুৱা অধিৱেশনৰ মুখ্যদ্বাৰ উন্মোচন কৰে অভ্যৰ্থনা কমিটীৰ মুখ্য আহ্বায়ক হিটলাৰ বড়োৱে ৷ ইয়াৰ পিছতেই ক্ৰমে মঞ্চ, অতিথিশালা, ভোজনালয়, বজাৰ উন্মোচন কৰা হয় ৷ ইয়াৰ পিছতে ছোৱালী কাবাদী আৰু ল’ৰাৰ ভলীবল প্ৰতিযোগিতাও অনুষ্ঠিত হয় ৷

বাক্সা জিলা এবছুৰ 16 তম অধিবেশন আৰম্ভ

বাক্সা জিলা এবছুৱে জনোৱা অনুসৰি, অহা 25 জানুৱাৰীৰ মুকলি অধিৱেশনত উপস্থিত থাকিব বিটিআৰৰ মুখ্য প্ৰমোদ বড়ো, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ লগতে বহু গণ্যমান্য লোক তথা এবছুৰ জিলা পৰ্যায়ৰ আৰু কেন্দ্ৰীয় শীৰ্ষ নেতৃত্ব ৷

লগতে পঢ়ক :জনতাৰ দৃষ্টি এতিয়া বি টি আৰ চুক্তিৰ ৰূপায়ণ পৰ্বত

ABOUT THE AUTHOR

...view details