অসম

assam

ETV Bharat / state

কুমাৰীকাটাত বাঁহ গোঁসাই উৎসৱৰ প্ৰস্তুতি - ক’ভিড প্ৰ’ট’কল

বাক্সা জিলাৰ তামুলপুৰ কুমাৰীকাটাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ প্ৰস্তুতি ৷

কুমাৰীকাটাত বাঁহ গোঁসাই উৎসৱৰ প্ৰস্তুতি
কুমাৰীকাটাত বাঁহ গোঁসাই উৎসৱৰ প্ৰস্তুতি

By

Published : Apr 16, 2021, 9:17 PM IST

বাক্সা, ১৬ এপ্ৰিল:তুংগত উঠিছে শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ প্ৰস্তুতি ৷ এইবেলি এই উৎসৱ আয়োজিত কৰা হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত ৷ কুমাৰীকাটাত দৰংগাজুলি আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ কুমাৰীকাটা বাসী ৰাইজৰ সহযোগত ব’হাগৰ ৫ আৰু ৬ তাৰিখ (১৯,২০ এপ্ৰিল,২০২১)ত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে মিঠাৰাম দাস সম্নন্নয় ক্ষেত্ৰ অনুষ্ঠিত হ’ব বাঁহ গোঁসাই উৎসৱ ৷

কুমাৰীকাটাত বাঁহ গোঁসাই উৎসৱৰ প্ৰস্তুতি

উল্লেখ্য যে, বিগত বহু বছৰৰ ধৰি চলি অহা শৰনীয়া সকলৰ জনগোষ্ঠীয় বাঁহ গোসাঁই উৎসৱটি ৰাজ্যজুৰি আৰু অধিক জনপ্ৰিয় হৈ উঠিছে । সম্পূৰ্ণ ক’ভিড প্ৰ’ট’কল মানি অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে ।

সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাঃ সম্পাদক দীপজ্যোতি শৰণীয়াই প্ৰকাশ কৰে যে, বাঁহ গোঁসাই উৎসৱটো কেৱল মাত্ৰ শৰণীয়া জনগোষ্ঠীৰ নহয় । প্ৰকৃতাৰ্থত অসম তথা বি টি আৰ ৰ সকলো জাতি জনগোষ্ঠীৰ এই উৎসৱ । সকলোৰে সহায় সহযোগতত প্ৰতি বছৰে পালন কৰি অহা হৈছে এই বাঁহ গোঁসাই উৎসৱটি ৷

লগতে পঢ়ক:হাগ্ৰামা আচলতে কাৰ লগত ? তুৰুপৰ তাচ হব নেকি বি পি এফ ?

ABOUT THE AUTHOR

...view details