বাক্সা, ১৮ মে': জলসিঞ্চনৰ সুবিধাৰ পৰা বঞ্চিত উত্তৰকুছি অঞ্চল । বাক্সাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত অঞ্চলটোৰ খেতিয়কসকলে বছৰ বছৰ ধৰি জলসিঞ্চন বিভাগৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে । চৰকাৰৰ জলসিঞ্চন আঁচনিৰ মুখ নেদেখা খেতিয়কসকলে বাৰিষাৰ সময়ত নিজেই ওলাই আহে পাগলাদিয়া নদীত বান্ধ দিবলৈ । অঞ্চলটোৰ মাজেৰেই বৈ যোৱা পাগলাদিয়া নদীত বান্ধ দি কোনোমতে খেতিৰ বাবে যোগাৰ কৰে প্ৰয়োজনীয় পানীখিনিৰ ।
পানীৰ বাবে হাহাকাৰ বাক্সাৰ খেতিয়কৰ - baksa
বাৰিষা অহাৰ লগে লগে ওলাই আহিল উত্তৰকুছিৰ খেতিয়কসকল । চৰকাৰৰ জলসিঞ্চনৰ সুবিধাৰ পৰা বঞ্চিত হৈ গাঁথিৰ ধন ভাঙি পাগলাদিয়াত বান্ধ নিৰ্মাণ খেতিয়কসকলৰ । ইফালে কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম জলসিঞ্চন বিভাগ ৷
![পানীৰ বাবে হাহাকাৰ বাক্সাৰ খেতিয়কৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3318801-921-3318801-1558201263745.jpg)
etv bharat
পানীৰ বাবে হাহাকাৰ বাক্সাৰ খেতিয়কৰ
নিজৰ গাঁথিৰ ধন ভাঙি অঞ্চলটোৰ সোঁতৰখন চুবুৰীৰ প্ৰায় সহস্ৰাধিক কৃষকে পালপাতি প্ৰতিবছৰে নদীখনৰ বুকুত কৃত্ৰিমভাৱে বান্ধ নিৰ্মাণ কৰি খেতিপথাৰলৈ পানী বোৱাই নিবলৈ চেষ্টা কৰে । সীমান্তৰ এই কৃষকসকলে এনেদৰেই অতি কষ্টেৰে কোনোমতে কৰি আহিছে কৃষিকৰ্ম ৷ ৰাজ্যত বিয়াগোম জলসিঞ্চন বিভাগ এটা থকাৰ পিচতো বাক্সাৰ এইসকল কৃষকে নিজৰ পেটৰ ভাতমুঠিৰ বাবে এনেদৰে চলাই আহিবলগীয়া হৈছে কঠোৰ সংগ্ৰাম ৷