বাক্সা, ৩১ জুলাই : বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ দাৰাগাঁৱত সোমবাৰে অন্ধ বিশ্বাস আৰু মানৱ সৰবৰাহৰ ওপৰত এক সজাগতা সভা অনুষ্টিত হয় ৷ মানাহ দাৰাগাঁও ইক’টুৰিজীম ছ’চাইটিৰ সহযোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাত অংশগ্ৰহণ কৰি "গ্ৰীন এনভাইৰনমেণ্ট টাষ্ক ফ’ৰ্চ আৰু মিচন বিৰুবালা" ৰ সদস্য অনামিকা বৰুৱাই অংশ গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ৷
অনামিকা বৰুৱাই ভাষণত কয় যে অসমৰ একাংশ জনগোষ্ঠীৰ মাজত গভীৰভাৱে সোমাই থকা এটা প্ৰচলিত অন্ধবিশ্বাস হ’ল যে ডাইনী বুলি কিবা এটা অস্তিত্ব আছে আৰু ই মানুহৰ বিভিন্ন ধৰণে ক্ষতি কৰে ৷ একমাত্ৰ ডাইনী বুলি সন্দেহ কৰিয়েই আজিলৈকে বহুলোকক হত্যা কৰা হৈছে ৷ তেওঁ লগতে কয় যে চৰকাৰে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ হাতত লৈছে ৷ ডাইনী বুলি কোনো বস্তু নাই ই একমাত্ৰ মানুহৰ মাজত চলি অহা অন্ধ বিশ্বাস ৷