বাক্সা,11 ফেব্ৰুৱাৰীঃ দেশৰ স্বাস্থ্যক্ষেত্ৰত বিশেষভাৱে অভাৱগ্ৰস্ত লোকসকলক স্বাস্থ্যসেৱাৰ সুবিধা দিবলৈ শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ অভিলাষী স্বাস্থ্য আঁচনি অটল অমৃত অভিযান আঁচনিখন ২০১৭ চনত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল ৷ আঁচনিখনৰ জৰিয়তে হিতাধীকাৰীসকলক ৬ টা ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হয় ৷
বাক্সা জিলাৰ মুছলপুৰস্থিত ২০০খন বিচনাযুক্ত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুভাষ চন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি, জিলা সদৰত ৫,২৯৬ জন লোকে কাৰ্ডৰ বাবে প্ৰ-পত্ৰ দাখিল কৰিছিল ৷ কিন্তু কাৰ্ড লাভ কৰে মাত্ৰ ৪,৬৭৩ গৰাকী লোকে ৷ ইয়াৰে বিপিএল কাৰ্ড ধাৰক ৪,৬৬৯ আৰু এপিএলৰ ৬২৭ গৰাকী লোকৰ ভিতৰত কাৰ্ডৰ নবীকৰণ কৰিছে ৩২ গৰাকী লোকে । বৰ্তমানলৈকে সমগ্ৰ জিলাখনত সৰ্বমুঠ ৫,৬১,২৪৩ লোকে কাৰ্ড লাভ কৰিছে ।