বাক্সা20 মাৰ্চঃ বাক্সাৰ মুছলপুৰত আছুৰ তিনি ঘন্টীয়া বিক্ষোভ কাৰ্যসুচী৷ PNRD পৰীক্ষাৰ ফলাফলৰ বিৰুদ্ধে বাক্সা জিলা জিলা ছাত্ৰ সন্থাই তিনি ঘন্টীয়া বিক্ষোভ কাৰ্যসুচী ৰুপায়ন কৰে ৷ চৰকাৰৰ ছত্ৰছাঁয়াত মন্ত্ৰী আমোলাই অঙহী বঙহীক চাকৰি দিয়াৰ অভিযোগ ছাত্ৰ-সন্থাৰ ।
মুছলপুৰত PNRD পৰীক্ষাৰ ফলাফলৰ বিৰুদ্ধে আছুৰ বিক্ষোভ কাৰ্যসুচী - Assu protest
PNRDৰ জালিয়াতি উচ্ছ ন্যায়লয়ৰ তদন্ত বিচাৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনে গুৰুত্বপূৰ্ণ বিভাগ পঞ্চায়ত, গ্ৰামোন্নয়ণ আৰু জনসংযোগত বিভিন্ন জালিয়াতিৰে মন্ত্ৰী আমোলাৰ অঙহী বঙহীক চাকৰি দি ছাত্ৰ-ছাত্ৰী জীৱনক লৈ হেতালী খেলা চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ তীব্ৰ প্ৰতিবাদ কৰে । ছাত্ৰ সন্থাৰ অভিযোগ চৰকাৰৰ ছত্ৰ-ছায়াতে গঢ়ি উঠিছে চাকৰি বজাৰ আৰু পিছদুৱাৰেদি চাকৰি দিয়াৰ অভিযোগ । কিন্তু চকু মুদা কুলিৰ ভাও জুৰিছে সৰ্বানন্দ সোণোৱালে । বিজেপি চৰকাৰখনৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ বিপক্ষে সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া জাতিৰ স্বাৰ্থত জংগী আন্দোলন অব্যাহত ৰখাৰ হুমকা সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ । দুৰ্নীতি আৰু PNRDৰ জালিয়াতি উচ্ছ ন্যায়লয়ৰ তদন্ত বিচাৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে সদৌ অসম ছাত্ৰ সন্থা