বাক্সা,23 আগষ্ট: অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সোমবাৰে বাক্সা জিলাৰ বাগানপাৰত অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি প্ৰাঞ্জল কুমাৰ শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন বিশেষ সভা ৷ সভাত উপস্থিত থাকি কেন্দ্ৰীয় সভাপতি জিতু বৰগোঁহাইয়ে অসম গণ পৰিষদ তৈলমৰ্দন কৰা দল নহয় বুলি উল্লেখ কৰি অসম গণ পৰিষদ দললৈ মানুহ বহুত ভাবি চিন্তি আহে বুলি মন্তব্য কৰে ৷
ইফালে বৰ্তমান অসম গণ পৰিষদৰ ভেটি কিয় দুৰ্বল বুলি সাংবাদিকে কৰা প্ৰশ্নোত্তৰত এসময়ত কিছু স্বাৰ্থপৰ লোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰি পুনৰ স্বাৰ্থ অসুৰক্ষিত বুলি ভাবি অন্য দললৈ গমন কৰা বাবে দলটো দুৰ্বল হৈছিল বুলি মন্তব্য কৰে জিতু বৰগোহাঞিয়ে ৷ লগতে বৰ্তমান দলটো নতুন চিন্তাধাৰাৰে আগবাঢ়িছে আৰু দলীয় শক্তি মজবুত হ’বলৈ ধৰিছে; গতিকে এই শক্তি অনিৰুদ্ধ শক্তি হ’ব বুলিও মন্তব্য কৰে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে ৷
আনহাতে বিটিআৰত মিত্ৰতা থকা স্বত্বেও আজি পৰ্যন্ত অগপ কৰ্মীসকল সুবিধাৰ পৰা বঞ্চিত হোৱা বিষয়টোত উদ্বেগ প্ৰকাশ কৰি পৰৱৰ্তী সময়ত দলীয় কৰ্মীসকলে সুবিধা পাব লাগিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঞিয়ে ৷